NORTHEAST NOW (Assamese)
Popular Stories

এইমছৰ চিকিৎসকে নিৰ্মাণ কৰি উলিয়ালে দ্ৰুত ঘাঁ শুকোৱা যন্ত্ৰ; ৭ দিনতে শুকাই যাব ডাঙৰ ঘাঁ!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 2, 2024 10:58 am

যিকোনো গভীৰ ঘাঁ এমাহ নহয়, মাত্ৰ সাত দিনতে ভাল হ’ব। সাধাৰণতে পোৰা, কাটি যোৱা বা ছিগি যোৱা, ডায়েবেটিছৰ ফলত হোৱা ঘাঁ, বা দুৰ্ঘটনাৰ ফলত হোৱা আঘাত ভাল হ’বলৈ বহু সময় লাগে। যদি আঘাত শৰীৰৰ ভিতৰত হয় তেন্তে ই সহজে ভাল নহয়। অস্ত্ৰোপচাৰ কৰিলেও অস্ত্ৰোপচাৰৰ পিছৰ পৰ্যায়ত বিষ আৰু সংক্ৰমণৰ আশংকা থাকে।

এই সমস্যা সমাধানৰ বাবে এইমছৰ চিকিৎসকে নিৰ্মাণ কৰি উলিয়ালে এক নতুন যন্ত্ৰ। তেওঁলোকে দাবী কৰে যে যিকোনো গভীৰ ঘাঁ ঔষধৰ পৰিৱৰ্তে বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰিয়েই ভাল হ’ব পাৰে।

দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সছে ‘স্কুল অৱ ইণ্টাৰনেশ্যনেল বায়’ডিজাইন’ৰ সহায়ত এই ঘাঁ নিৰাময় যন্ত্ৰটো প্ৰস্তুত কৰিছে। দাবী কৰা হৈছে যে এই যন্ত্ৰটো কমেও ১০০ জন ৰোগীৰ ওপৰত সফলতাৰে প্ৰয়োগ কৰা হৈছে।

লগতে পঢ়কঃ ‘বাইডেন আৰু ট্ৰাম্প বিৰক্তিকৰ বৃদ্ধ’, আমেৰিকাৰ দুই নেতাৰ বয়সক লৈ কটাক্ষ নিকি হেলীৰ

এইমছৰ ট্ৰমা কেয়াৰ চেণ্টাৰৰ অধ্যাপিকা সুষমা সাগৰে কয় যে, নিগেটিভ প্ৰেছাৰ আৰু অক্সিজেন সৰবৰাহ কৰি এক বিশেষ উপায়েৰে ঘাঁটো ভাল কৰা হ’ব। এই যন্ত্ৰটোৱে কম্বিনেচন থেৰাপী কৰিব। ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই বুলিও দাবী কৰা হৈছে।

চিকিৎসকসকলে কয় যে শৰীৰৰ কোনো অংগত আঘাত পালে তাত বহুসময়ত তেজ জমা হয়। ফলত সেই ঠাইত বিষৰ সৃষ্টি হয়। ছাল ফালি বা কাটি গৈ তাত সংক্ৰমণৰ ফলত ঘাঁ আৰু বেছি বাঢ়ি যায়। চিকিৎসকসকলে তেতিয়া ঔষধেৰে চিকিৎসা কৰে। কিন্তু কেৱল ঔষধ বা বেজীৰ দ্বাৰা ঘাঁটো ভাল হ’বলৈ সময় লাগে। অপাৰেচন বা চিলাই কৰিবলগীয়া হ’লেও ঘাঁটো পলমকৈ শুকায়। সংক্ৰমণৰ আশংকা থাকে। কিন্তু এই যন্ত্ৰ ব্যৱহাৰ কৰিলে সংক্ৰমণৰ কোনো আশংকা নাথাকিব বুলি চিকিৎসকসকলে জনাইছে।

প্ৰথমে ঘাঁত ফোমৰ দৰে আৱৰণ লগোৱা হ’ব। তাৰ ওপৰত এটা ফিল্ম দি সেই স্থান টুকুৰা বান্ধি ৰখা হ’ব। ইয়াৰ লগত এটা টিউব সংলগ্ন হ’ব, যাৰ লগত ডিভাইচটো সংযোগ কৰা হ’ব। সেই নলীৰ জৰিয়তে ঘাঁত অবিৰত নিগেটিভ প্ৰেছাৰ প্ৰয়োগ কৰি ৰস টানি লোৱা হ’ব। তাৰ পিছত ঘাঁলৈ অবিৰতভাৱে অক্সিজেন প্ৰেৰণ কৰা হ’ব। এই অক্সিজেনে ছালত তেজৰ চলাচল সুষম কৰিব, ঘাঁ সোনকালে শুকাই যাব। এই যন্ত্ৰটোৱে ডাঙৰ ঘাঁ ভাল কৰাত অতি ফলপ্ৰসূ হ’ব পাৰে, বাৰে বাৰে ড্ৰেছিং কৰাৰ সমস্যাও নাথাকিব।

লগতে পঢ়কঃ ২৯ ফেব্ৰুৱাৰীৰ পিছত Paytm সেৱা বন্ধ কৰাৰ নিৰ্দেশ RBIৰ; শ্বেয়াৰত খহনীয়া

এইমছে জনাইছে যে এনে এটা যন্ত্ৰ এতিয়াও বজাৰত অহা নাই । চিকিৎসালয়তে এই যন্ত্ৰটোৰে চিকিৎসা কৰিব চিকিৎসকে। চিকিৎসক বা স্বাস্থ্যকৰ্মীসকলক  কম্বিনেচন থেৰাপী কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া দেখুৱাই দিয়া হ’ব। ইয়াত খৰচো কম হ’ব বুলি কোৱা হৈছে।