NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত পথ দুৰ্ঘটনাত নিহত যুৱ চিকিৎসক

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি February 4, 2024 8:12 am

এক দুৰ্ভাগ্যজনক ঘটনাত শুকুৰবাৰে নিশা ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত কালিখোলাৰ সমীপত উঠি অহা হোণ্ডাই ইয়ন গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত হোৱা দুৰ্ঘটনাত এগৰাকী যুৱ চিকিৎসক ডাঃ শুভ্ৰজ্যোতি শাণ্ডিল্যই (২৭) কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়।

দুৰ্ঘটনাৰ পিছতে চিকিৎসকজনক ততাতৈয়াকৈ ডিমাকুছি এফ আৰ ইউলৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

বাতৰি অনুসৰি, অসম চিকিৎসা মহাবিদ্যালয় ও হাস্পাতাল (এ এম চি এইচ) ডিব্ৰুগড়ৰ প্ৰাক্তন ছাত্ৰ যুৱ চিকিৎসকজন ওদালগুৰিৰ বামুনজুলি এম পি এইচ চিৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া হিচাপে গ্ৰাম্য ইন্টাৰশ্বিপত সেৱা আগবঢ়াই আছিল আৰু তেওঁ গুৱাহাটীৰ পৰা আহিছিল।

লগতে পঢ়কঃ দক্ষিণ কামৰূপত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ নামত ব্যাপক হাৰত কৃষিভূমি ধ্বংস

শনিবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হয়।

ওদালগুৰিৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ গণেশ ব্ৰহ্মকে ধৰি ওডালগুৰিৰ সমগ্ৰ চিকিৎসক মহল; ওদালগুৰিৰ জিলা প্ৰগ্ৰেম মেনেজাৰ জয়দীপ ৰায়, বি পি এম ওদালগুৰি ৰাজ মুছাহাৰীয়ে মৃতকৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।