• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ কামৰূপত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ নামত ব্যাপক হাৰত কৃষিভূমি ধ্বংস

জীয়াকুৰ-জেজাবৰীত ডাম্পাৰৰ চলাচলত ক্ষোভিত ৰাইজ-সংগঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2024 8:16 pm
South Kamrup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানেৰে উন্নয়নৰ বতৰা অনাৰ বিপৰীতে দক্ষিণ কামৰূপত ব্যাপক হাৰত কৃষিভূমি ধংসৰে খেতিয়ক পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ অসাধু ব্যৱসায়ীয়ে।

যোৱা কিছুদিন ধৰি জীয়াকুৰ, জেজাবৰী গাঁৱত এফালে কলহী (কুলশী) নদী আৰু আনফালে দৰাবিলৰ মাজত বাচি থকা সেউজ কৃষি ভূমিৰ মাটি দুখীয়া কৃষকৰ পৰা কিনি অবাধে খনন চলাই বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে।

Apply Now

দুই এজন সচেতন গঞাই ইয়াৰ বিৰোধ কৰাত সাময়িকভাবে যোৱা দুই তিনি দিনত মাটি কঢ়িওৱা দাম্পাৰৰ চলাচল ব্যাহত হৈছে যদিও এই অসাধু চক্ৰই আৰক্ষী-প্ৰশাসন, বনবিভাগ আৰু খনি বিভাগৰ একাংশ বিষয়া আৰু কৰ্মচাৰীক মেনেজ কৰি পুনৰ সক্ৰিয় হোৱাৰ যোজা চলাইছে।

খনি বিভাগে মাটি খননৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে যদিও উক্ত গাঁও দুখনৰ ক্ষেত্ৰত সেই অনুজ্ঞাপত্ৰ লোৱা হৈছে নে নাই সেয়া সন্দেহজনক বুলি প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

দুই এজন গঞাই আপত্তি দৰ্শোৱাৰ পিছতেই সেইসকল ব্যৱসায়ীয়ে মাটি খনন কৰিবলৈ শংকিত হৈ খনন কাৰ্য সাময়িকভাৱে বন্ধ কৰাৰ বাবে স্থানীয় লোকসকলে তেওঁলোকৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ, বহু পৰিয়ালৰ কৃষিভূমি ডাম্পাৰ চলাচলৰ ফলত ইতিমধ্যেই নষ্ট হৈছে। ভুক্তভোগী কিছু পৰিয়ালে তেওঁলোকৰ কৃষিভূমি পুনৰ কৃষি-উপযোগী কৰি দিবলৈ দাবী জনাইছে যদিও এই সকল ব্যৱসায়ীৰ এতিয়া কৃষক পৰিয়ালৰ দাবীৰ প্ৰতি ভ্ৰুক্ষেপ নাই।

জেজাবৰী আৰু জিয়াকুৰ গাঁৱৰ জৈৱ বৈচিত্ৰৰে ভৰা পথাৰৰ মাজেৰেই দুষ্প্ৰাপ্য শিহুৰ বাসস্থান কলহী নদী আৰু দৰাবিলৰ সংযোগৰ সুঁতি। তেনে স্থলত প্ৰায় ১০ হাজাৰ বিঘাৰ এই সুবিশাল পথাৰত দাম্পাৰৰ দৌৰাত্মই জৈৱবৈচিত্ৰ আৰু দুখীয়া খেতিয়ক পৰিয়াল উভয়লৈ প্ৰবল ভাবুকি কঢ়িয়ায় আনিছে।

মাটি খননেৰে কৃষিভূমি খেতিৰ অনুপযোগী কৰি এই মাটি industrial belt লৈ পৰিবৰ্তন কৰাৰ গভীৰ সড়যন্ত্ৰ আজি কেইবাবছৰৰ ধৰি চলি আছে দক্ষিণ কামৰূপত, যাৰ পৰিপ্ৰেক্ষিতত সচেতন ৰাইজে আৰক্ষী-প্ৰশাসনক চোকা নজৰ ৰাখিবলৈ দাবী জনাইছে।

সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে কয় যে অবৈধ খননৰ ফলত সৃষ্টি হোৱা এনে অসংখ্য পুখুৰী সদৃশ গাতত পৰি দক্ষিণ কামৰূপত ইতিমধ্যে ২৫ জনতকৈ অধিক মানুহ মৃত্যুখত পৰিছে।

“বহুজাতিক কোম্পানীৰ স্বাৰ্থৰ লগতে স্থানীয় একাংশ দালাল আৰু অসাধু ব্যৱসায়ীৰ নেতৃত্বত চলা এনে অবৈধ খনৰ ফলত এফালে চৰকাৰে ৰাজহ হেৰুৱাইছে আৰু আনফালে বহুলোক মৃত্যমুখত পৰিছে কিন্তু পৰিয়ালে আজিকোপতি কোনো ক্ষতিপুৰণ নাপালে।”- দাসে কয়।

উন্নত মানৰ শালি ধান আৰু সৰিয়হ উৎপাদনেৰ শ্ৰমজীবি কৃষকে স্বাৱলম্বিতা নতুন নিদৰ্শন দাঙি ধৰাৰ সময়তে জধেমধে চলোৱা এনে পথাৰ খনন ভৱিষ্যত প্ৰজন্মৰ বাবেই এক অশনি সংকেত বুলি দোহাৰে কৃষক নেতা আৰু স্থানীয় বাসিন্দা দেবজিত চৌধুৰীয়ে।

কৃষিৰ সম্ভাৱনা প্ৰতি লক্ষ ৰাখি কৃষি বিভাগে এই পথাৰত যোৱা কেইবছৰত কেইবাটাও সৌৰ শক্তি চালিত পানী যোগান আঁচনিত অনুমোদনও জনাইছে এই পথাৰতেই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd