NORTHEAST NOW (Assamese)
Popular Stories

আকৌ চাপ বাঢ়িল ৰোহিতৰ! এইবাৰ দুৰ্দান্ত শতকেৰে ফৰ্মলৈ ঘূৰি অহা শুভমন গীলৰ আঘাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2024 12:38 pm

ভাৰতীয় শিবিৰত আঘাতৰ আৰু এক অবাঞ্চিত ঘটনা। ইতিমধ্যে ইজনৰ পিছত সিজন ভাৰতীয় তাৰকা আহত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট শৃংখলা চলি আছে ভাৰতত। এইবাৰ বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত আঘাতপ্ৰাপ্ত হয় ভাৰতীয় যুৱ ক্ৰিকেটাৰ শুভমন গীল।

ভিজাগত ইংলেণ্ডৰ বিৰুদ্ধে এক দুৰ্দান্ত শতক অৰ্জন কৰি পুনৰ ফৰ্মলৈ ঘূৰি আহিছিল শুভমন গীলে। কিন্তু এই টেষ্টৰ চতুৰ্থ দিনটোত তেওঁক ফিল্ডিং কৰা দেখা নগ’ল। কাৰণ উল্লেখ কৰি বিচিচিআইয়ে এক বিবৃতি প্ৰকাশ কৰে।

বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ চতুৰ্থ দিন আৰম্ভ হোৱাৰ পূৰ্বেই এটা আপডেট দিলে বিচিচিআইয়ে। তাত কোৱা হৈছে যে দ্বিতীয় দিনা ফিল্ডিং কৰি থকা অৱস্থাত শুভমান গীলে সোঁ তৰ্জনী আঙুলিত আঘাত পাইছিল। সেইবাবেই আজি তেওঁ ফিল্ডিং নকৰে।

লগতে পঢ়কঃ পাকিস্তানৰ থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০ জন আৰক্ষী; আহত ৬ জন

ব’ৰ্ডৰ বক্তব্যৰ পৰা স্পষ্ট যে তেতিয়াহ’লে আঙুলিত আঘাত লৈয়ে তৃতীয় দিনা শুভমান গীলে অনবদ্য বেটিং কৰিছিল। বহুদিনৰ মূৰত পঞ্জাৱৰ গীলে টেষ্টত শতক অৰ্জন কৰে। টেষ্টত তিনি নম্বৰ স্থানত বেটিং কৰি শুভমন গীলৰ এইটোৱেই আছিল প্ৰথম টেষ্ট শতক।

বাতৰি অনুসৰি, শুভমনে তিনি নম্বৰত ৰান পোৱা নাছিল, যাৰ বাবে টীম মেনেজমেন্টে তেওঁক বিশাখাপট্টনমত ব্যৰ্থ হ’লে ৰঞ্জী ট্ৰফীত খেলিবলৈ ঘূৰি যাবলৈ সময়সীমা বান্ধি দিছিল। এই কথা শুভমনে নিজৰ পৰিয়ালৰ এজন সদস্যক কৈছে।

ক’ব পাৰি যে ভিজাগত শুভমনৰ শতকে তেওঁক ৰঞ্জীলৈ যোৱাৰ পৰা ৰক্ষা কৰিলে। কিন্তু চতুৰ্থ দিনটোত তেওঁক আঙুলিৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত ৰখাত ভাৰতীয় শিবিৰত উদ্বেগ বৃদ্ধি কৰিছে। ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ তৃতীয়খন টেষ্ট। তাৰ আগতে শুভমনৰ আঙুলিৰ আঘাত ভাল হয় নে নাই সেয়া লক্ষ্যণীয় হৈ পৰিছে।