NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি নীলমণি ফুকনৰ ‘পাহৰিব নোৱৰিলোঁ যি’ উন্মোচন

Posted by: এন ই নাও নিউজ May 14, 2018 3:05 pm
ATTACHMENT

কবিতাও যে জীৱনৰ অন্য এক ৰূপ তাক সকলোকে বুজাই দিয়া ঋষিতুল্য কবি নীলমণি ফুকনৰ বয়স এতিয়া প্ৰায় চাৰিকুৰি পাঁচবছৰ। দৃষ্টিশক্তি ধূসৰপ্ৰায়। কিন্তু স্মৃতিশক্তি এতিয়াও সজীৱ আৰু তীক্ষ্ণ।সেই স্মৃতি ৰোমন্থন কৰিয়েই শ্ৰুতলিপি দিয়া ঋষিতুল্য কবি নীলমণি ফুকনৰ আত্মকথা তথা কবিৰ ভাষাত তেওঁৰ শেষ কিতাপ ‘পাহৰিব নোৱাৰিলো যি’ৰ দেওবাৰে উন্মোচন কৰা হয়।

কবিৰ আশ্ৰম সদৃশ ঘৰত নিৰ্বাচিত কেইগৰাকীমান ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কবি নীলমণি ফুকনে কয়— ‘এইখন গ্ৰন্থ মই নিলিখিলোঁহেঁতেন, কিন্তু হৰেকৃষ্ণ ডেকাই অহৰহ কৈ আছিল লিখিবলৈ। তেওঁৰ কথা এৰাব নোৱাৰিয়েই এই কিতাপখন লিখিবলৈ লৈছিলোঁ মই’।

তেওঁ ক’লে দেৰগাঁৱৰপৰা উভতি অহাৰ পথত হীৰেন গোহাঁইক জাগীৰোডত লগ পাইছিলোঁ।তেওঁ ক’লে যে আপোনাৰ মুখৰ ভাষাটো ভাল, সেয়ে সেই ভাষাৰেই আপুনি আত্মকথা লিখি উলিযাওক আৰু মই এই কিতাপখন লিখিলো। গোহাঁই বহুত ডাঙৰ ডাঙৰ কামত ব্যস্ত থাকে। তেওঁ দেওবাৰে ইয়াত উপস্থিত থকাটোৱেই মোৰ বাবে ডাঙৰ কথা’।

আনহাতে অনুষ্ঠানটোত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে কয়— ‘ফুকন দাদাই যে ক’লে আমি ডাঙৰ ডাঙৰ কামত ব্যস্ত থাকোঁ, আচলতে যিবোৰ ৰাজনৈতিক কাম আমি কৰোঁ, সেইবোৰ সময়ৰ প্ৰবাহে এদিন উটুৱাই নিব আৰু আজি যথেষ্ট গুৰুত্বপূৰ্ণ বুলিয়েই দেহে-কেহে লাগি কৰা কামটোও এদিন তেনেই তুচ্চ হৈ পৰিব। থাকি যাব এই ধৰণৰ কাম-ফুকন দাদাই কৰা কাম’।

উল্লেখযোগ্য যে  অনুষ্ঠানটোত কবি হৰেকৃষ্ণ ডেকা, আনিছ উজ জামানকে ধৰি অন্যান্যসকলেও নীলমণি ফুকনৰ সান্ন্ধ্যৰ   বিষয়ে চমু আলোকপাত কৰে।

তৰুণ কবি মৃদুল হালৈ আৰু বৃন্দা পেগুৱে অনুলেখন কৰা ‘পাহৰিব নোৱৰিলোঁ যি’ প্ৰকাশ কৰি উলিয়াইছে বনলতাই।