NORTHEAST NOW (Assamese)
অসম

বিধানসভাত অসমৰ জাতীয় ফলৰ নাম ঘোষণা কৃষিমন্ত্ৰীৰ; কাজি নেমু হ’ব অসমৰ ৰাজ্যিক ফল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 13, 2024 2:24 pm

অসমৰ জাতীয় ফলৰ নাম ঘোষণা কৰা হৈছে। কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। আজি সদনৰ মজিয়াত কৃষি মন্ত্ৰী অতুল বৰাই এই কথা ঘোষণা কৰে।

সদনত কাজি নেমুৰ গুণাগুণ সম্পৰ্কত উল্লেখ কৰা হয় যে কাজি নেমুৰ বহু ঔষধি গুণ আছে। অসমৰ ১৫.৯০ হেক্টৰ ভূমিত কাজি নেমুৰ খেতি হৈ থকা বুলি উল্লেখ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যখনত নেমু উৎপাদনত ২৭ লাখ কৃষক জড়িত হৈ থকা বুলি কোৱা হৈছে। এবছৰত ৰাজ্যত ১.৫৮ লাখ মেট্ৰিক টন নেমু উৎপাদন হয় বুলিও কোৱা হৈছে।

লগতে পঢ়কঃ প্ৰায় ৯০ ডিগ্ৰী টাৰ্ণ! শ্বেন ৱাৰ্ণ-মুৰলীথৰণ নহয়, চৰ্চাত ‘শতিকাৰ শ্ৰেষ্ঠ ডেলিভাৰী’; চাওক ভিডিঅ’

কৃষি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে যে অসমত উৎপাদিত ৭০ হাজাৰ কাজি নেমু সম্প্ৰতি বিদেশলৈ পঠিওৱা হৈছে। অসমৰ পৰা ডুবাই, লণ্ডন, আবুধাবী, কাটাৰলৈ কাজি নেমু ৰপ্তানী কৰা হৈছে।

উল্লেখ্য যে, ২০১৯ চনৰ ৫ জানুৱাৰীত কাজি নেমুক GI টেগ প্ৰদান কৰা হৈছিল।

ইপিনে, আজি বিধানসভাত কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰাক লৈ নিজৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লিখিছে, “আমাৰ চৰকাৰে কাজি নেমু (Citrus Limon)ক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ অনন্য সুগন্ধি আৰু এন্টিঅক্সিডেন্ট গুণৰ দ্বাৰা অসমৰ নেমুৱে আমাৰ স্থানীয় খাদ্য সমৃদ্ধ কৰি তুলিছে।

আজিৰ ঘোষণাৰ জৰিয়তে ই বিশ্বৰ ফলৰ মানচিত্ৰত জিলিকি উঠিব, আত্মনিৰ্ভৰশীলতা আৰু উৎপাদন বৃদ্ধি কৰিব।‘’