NORTHEAST NOW (Assamese)
বিজ্ঞান-প্ৰযুক্তি

শীঘ্ৰেই উপলব্ধ হ’ব কেঞ্চাৰৰ ভেকচিনঃ ঘোষণা ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2024 8:48 pm
cancer vaccine Putin

দুৰাৰোগ্য কেঞ্চাৰৰ ব্যয়বহুল চিকিৎসা পদ্ধতিৰ হয়তো সোনকালেই অৱসান ঘটিব। শীঘ্ৰেই উপলব্ধ হ’ব কেঞ্চাৰৰ ভেকচিন। বিশ্বৰ চিকিৎসা খণ্ডলৈ এই শুভ খবৰ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।

ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰা মতে কেঞ্চাৰৰ ভেকচিন উপলব্ধিৰ পথত আছে আৰু অতি সোনকালে ৰোগীৰ বাবে উপলব্ধ হ’ব পাৰে। ৰাছিয়াৰ বৈজ্ঞানিক প্ৰচেষ্টাত উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি পুটিনে এই ঘোষণা কৰিছে।

পুটিনে কয়, “আমি কেঞ্চাৰ ভেকচিন আৰু পৰৱৰ্তী প্ৰজন্মৰ ইমিউন’মডুলেটৰী ঔষধৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য লক্ষ্যত উপনীত হৈছো।” ৰাছিয়াৰ বিজ্ঞানীসকলে কেঞ্চাৰৰ ভেকচিন প্ৰস্তুতিৰ ওচৰ চাপিছে বুলি তেওঁ সদৰী কৰে।

অতি সোনকালে এই ভেকচিন ব্যক্তিগত চিকিৎসাৰ পদ্ধতি হিচাপে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হ’ব বুলি আশা প্ৰকাশ কৰে পুটিনে। অৱশ্যে প্ৰস্তাৱিত ভেকচিনে কেনে ধৰণৰ কৰ্কট ৰোগক লক্ষ্য কৰি ল’ব সেই বিষয়ে পুটিনে স্পষ্ট কৰা নাই।

উল্লেখ্য যে, কেইবাখনো দেশ আৰু তথা ঔষধ কোম্পানীয়ে কেঞ্চাৰ ভেকচিনৰ ওপৰত কাম কৰি আছে। যোৱা বছৰ ব্ৰিটেইন চৰকাৰে জাৰ্মানী ভিত্তিক প্ৰতিষ্ঠান বায়’এনটেকৰ সৈতে এনে এক বিষয়ত চুক্তিবদ্ধ হৈছিল।

ফাৰ্মাচিউটিকেল কোম্পানী মডাৰ্না আৰু মাৰ্ক এণ্ড কোম্পানীয়ে এটা পৰীক্ষামূলক কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰি আছে। ইয়াৰ অধ্যয়নত দেখা গৈছে যে আটাইতকৈ মাৰাত্মক ছালৰ কৰ্কট ৰোগ মেলানোমাৰ চিকিৎসাৰ তিনি বছৰৰ পিছত পুনৰ হোৱা বা মৃত্যুৰ সম্ভাৱনা আধালৈ হ্ৰাস কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বৰ্তমান ছাৰ্ভাইকেল কেন্সাৰকে ধৰি বহু কৰ্কট ৰোগ সৃষ্টি কৰা হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ৰ বিৰুদ্ধে ছটা অনুজ্ঞাপত্ৰ থকা ভেকচিনৰ লগতে লিভাৰ কেন্সাৰ হ’ব পৰা হেপাটাইটিছ বি (এইচ বি ভি)ৰ ভেকচিনো আছে।

এতিয়া পুটিনৰ এই ঘোষণাই চিকিৎসা উদ্ভাৱনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিৰ সূচনা কৰিছে। ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ এই ঘোষণাই বিশ্বব্যাপী কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক বিকল্প চিকিৎসা পদ্ধতিৰ সম্ভাৱনা সৃষ্টি কৰিছে।