NORTHEAST NOW (Assamese)
অসম

Covid-19 Update: দেশত সামান্য নিম্নগামী দৈনিক সংক্ৰমণ; অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ১০হাজাৰ অতিক্ৰম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2022 11:04 am
covid-vaccine_202108215775-711x375

দেশত কোভিড-১৯ৰ সংক্ৰমণ প্ৰবল আতংকৰ সৃষ্টি কৰাৰ মাজতে বিগত ২৪ ঘণ্টাত দেশত দৈনিক সংক্ৰমণ সামান্য নিম্নগামী হোৱা দেখা গৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ৩লাখ ৭হাজাৰ ৭০৪ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

শুকুৰবাৰে দেশত মুঠ আক্ৰান্ত হৈছিল ৩লাখ ৪৭হাজাৰ ২৫৪ গৰাকী লোকদেশত পজিটিভিটিৰ হাৰ হৈছে ১৭.২২শতাংশ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৮৮ গৰাকী। শুকুৰবাৰে দেশত ৭০৩গৰাকী লোকৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: ভাৰত বিৰোধী ভুৱা প্ৰচাৰ চলোৱা ৩৫টা পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে মোদী চৰকাৰে

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪লাখ ৮৮হাজাৰ ৮৮৪ গৰাকী।

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ২ লাখ ১ হাজাৰ ৩৬৫ গৰাকী।

দেশখনত আজি কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ২লাখ ৪২হাজাৰ ৬৭৬গৰাকী।

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে ৩কোটি ৬লাখ হাজাৰ ৪৮২গৰাকী।

লগতে পঢ়ক: ক্ষমতা লাগে হাগ্ৰামাক! বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হ’ব বিপিএফ; আজি চূড়ান্ত কৰিব সিদ্ধান্ত

দেশত এতিয়ালৈকে ১০হাজাৰ ৫০ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে। পূৰ্বৰ দিনৰ তুলনাত এয়া ৩.৬৯শতাংশ বৃদ্ধি পাইছে।

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যা ১৬ কোটি অতিক্ৰম কৰিছে।