NORTHEAST NOW (Assamese)
Popular Stories

তৃতীয় টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অশ্বিনে; ৰাজকোটত ১০ জনেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2024 8:11 am

ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় টেষ্টৰ পৰা আঁতৰি গৈছে ৰবিচন্দ্ৰন অশ্বিন। শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অৱগত কৰিছে যে তাৰকা অফ স্পিনাৰগৰাকীয়ে পাৰিবাৰিক জৰুৰীকালীন চিকিৎসাজনিত অৱস্থাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় টেষ্ট দলৰ পৰা আঁতৰি আহিছে।

অৰ্থাৎ শনিবাৰে যেতিয়া টিম ইণ্ডিয়া ৰাজকোটত নামিব তেতিয়া অশ্বিন দলৰ লগত নাথাকিব। ফলত ৰোহিত শৰ্মাৰ বাবে তীব্ৰ চাপৰ সৃষ্টি হৈছে। যিহেতু টেষ্ট চলি থকাৰ মাজতে নাম প্ৰত্যাহাৰ কৰা হৈছে, গতিকে কোনো পৰিৱৰ্তিত খেলুৱৈয়ে তেওঁৰ স্থান লব নোৱাৰিব। বাকী তিনিদিন ৰাজকোট টেষ্টত ১০ গৰাকী খেলুৱৈয়ে খেলিব।

লগতে পঢ়কঃ কাৰাৰুদ্ধ অৱস্থাত মৃত্যু ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনীৰঃ আন্তৰ্জাতিক পৰ্যায়ত বিতৰ্কৰ সূত্ৰপাত

ইংলেণ্ডৰ বেটিঙৰ সময়ত এজন ভাৰতীয় বলাৰ কমিল। আৰু বেটিং কৰাৰ সময়ত ভাৰতে এনে এজন বলাৰক নাপাব যাৰ নামত পাঁচটা টেষ্ট শতক আছে।

কিন্তু এতিয়া টিম ইণ্ডিয়াই সেইবোৰ কথা চিন্তা কৰা নাই। বৰঞ্চ অশ্বিনৰ পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ আৰোগ্য কামনা কৰা হৈছে। বিচিচিআইয়ে কৈছে- ‘ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ড এই কঠিন সময়ত অশ্বিনৰ সৈতে আছে। চেম্পিয়ন ক্ৰিকেটাৰগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে সম্পূৰ্ণ অন্তৰেৰে থিয় দিছে বিচিচিআইয়ে। ভাৰতৰ ক্ৰিকেট ব’ৰ্ডে খেলুৱৈ আৰু তেওঁলোকৰ আপোনজনৰ স্বাস্থ্য আৰু মংগলৰ ওপৰত সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰে। ভাৰতৰ ক্ৰিকেট ব’ৰ্ডে এই কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত অশ্বিন আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তাক সন্মান কৰিবলৈ আহ্বান জনাইছে।’

লগতে পঢ়কঃ কৃষক আন্দোলনত অংশ লোৱাৰ সময়তে হৃদৰোগত প্ৰাণ হেৰুৱালে বয়োবৃদ্ধ কৃষকে

সংশ্লিষ্ট মহলৰ মতে, নিশ্চয় জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছিল যে অশ্বিনৰ দৰে ক্ৰিকেটাৰ এজনে টেষ্টৰ ভিতৰতে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। বিচিচিআইৰ উপ সভাপতি ৰাজীৱ শুক্লাক পোষ্টৰ পৰা অনুমান কৰা হৈছে যে অশ্বিনৰ মাক হয়তো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। সংশ্লিষ্ট মহলত কোনো সন্দেহ নাই যে ভাৰতীয় দলটোৱে অশ্বিনৰ অভাৱ ভয়াৱহভাৱে অনুভৱ কৰিব। তেওঁ শুকুৰবাৰে ৫০০ টেষ্ট উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছিল। ৰেডবল ক্ৰিকেটত ৫০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় অশ্বিন।

বিশেষজ্ঞসকলৰ মতে ইংলেণ্ডৰ বেটিঙৰ সন্মুখত ভাৰত যথেষ্ট হেঁচাত পৰিছে। ৰোহিতে একো উপায় বিচাৰি পোৱা নাই। ইংলেণ্ডে প্ৰতি অভাৰত প্ৰায় ৬ ৰান সংগ্ৰহ কৰে। সেই বাবেই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰিও সকাহ পোৱা নাই টিম ইণ্ডিয়াই। ইংলেণ্ডে দুটা উইকেট হেৰুৱাই মাত্ৰ ৩৫ অভাৰতে ২০৭ ৰান সংগ্ৰহ কৰে। বেন ডাকেটে ১১৮টা বলত ১৩৩ ৰান কৰি আছে।

এনে পৰিস্থিতিত সকলোৱে তৃতীয় দিনা পুৱা মেচলৈ ঘূৰি আহিবলৈ অশ্বিনৰ ফালে অপেক্ষাৰ দৃষ্টিৰে চাই আছিল। কিন্তু সেই অশ্বিনৰ অবিহনে ভাৰত নামিব লাগিব। ইয়াৰ ফলত অধিনায়ক ৰোহিতৰ ওপৰত চাপ বাঢ়িব বুলি ধাৰণা বিশেষজ্ঞসকলৰ।