• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কাৰাৰুদ্ধ অৱস্থাত মৃত্যু ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনীৰঃ আন্তৰ্জাতিক পৰ্যায়ত বিতৰ্কৰ সূত্ৰপাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 9:23 pm
Russian opposition leader Alexei Navalny
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাবন্দী অৱস্থাত মৃত্যু হৈছে ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনীৰ। ৰাছিয়াৰ ফেডাৰেল কাৰাগাৰ সেৱাই সদৰী কৰিছে বিৰোধী নেতাগৰাকীৰ মৃত্যুৰ কথা। কাৰাগাৰ সেৱাৰ তথ্য মতে, নাভালনীয়ে খোজ কাঢ়িবলৈ যোৱাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটে আৰু জ্ঞান হেৰুৱাই পেলায়।

লগে লগে তেওঁক চিকিৎসা চলোৱা হৈছিল যদিও প্ৰাণৰক্ষা কৰা সম্ভৱ নহ’ল বুলি ফেডাৰেল কাৰাগাৰ সেৱাই লগতে উল্লেখ কৰে। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কঠোৰ সমালোচক হিচাপে গণ্য কৰা নাভালনীয়ে ১৯ বছৰৰ কাৰাদণ্ড ভুগি আছিল। বিগত বৰ্ষৰ শেষৰ ফালে তেওঁক ৰাছিয়াৰ অন্যতম কঠোৰ শাস্তিমূলক উপনিবেশলৈ স্থানান্তৰ কৰা হৈছিল।

Apply Now

উল্লেখ্য যে, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত কাৰণত নাভালনীক কাৰাৰুদ্ধ কৰি ৰখা বুলি সততে অভিযোগ উঠি আহিছে। সেয়ে তেওঁৰ মৃত্যুৰ খবৰে তাৎক্ষণিকভাৱে আন্তৰ্জাতিক পৰ্যায়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইউৰোপীয় নেতাসকলে নাভালনীৰ মৃত্যুক কেন্দ্ৰ কৰি পুটিন প্ৰশাসনক তীব্ৰ গৰিহণা দিছে।

ইউৰোপীয়ান ইউনিয়নৰ পৰিষদৰ সভাপতি চাৰ্লছ মিচেলে নাভালনীৰ মৃত্যুক মৰ্মান্তিক বুলি অভিহিত কৰি ইয়াৰ বাবে কেৱল ৰাছিয়াই দায়ী বুলি দাবী কৰে। আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে নাভালনীক স্পষ্টৰূপত পুটিনে হত্যা কৰিছে বুলি বিস্ফোৰক অভিযোগ তোলে।

ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে ৰাষ্ট্ৰপতি পুটিনক নাভালনীৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে। সমান্তৰালভাৱে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই পশ্চিমীয়া নেতাসকলৰ অভিযোগক ভুৱা প্ৰচাৰ বুলি নাকচ কৰি এনে অভিযোগৰ কোনো প্ৰমাণ নাই বুলি উলাই কৰে।

ইফালে নাভালনীৰ অধিবক্তাই নাভালনীৰ মৃত্যুৰ বিষয়ে তেওঁলোকক জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰিছে। আনহাতে নাভালনীৰ মাতৃয়ে শোক প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি কয় যে তেওঁ মাত্ৰ কেইদিনমানৰ আগতে নাভালনীক সুস্থ অৱস্থাত দেখিছিল। পুত্ৰৰ আকস্মিক মৃত্যুত তেওঁ সন্দেহ প্ৰকাশ কৰিছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনেও এই ঘটনাৰ স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছে। তেওঁ লগতে নাভালনীৰ মৃত্যু ৰুছ ৰাষ্ট্ৰপতি পুটিনে গঢ়ি তোলা ব্যৱস্থাটোৰ মূলত থকা দুৰ্বলতাৰ এক জলন্ত উদাহৰণ বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd