যোৱা কেইটামান মাহত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা আঁতৰোৱাৰ বাবে দুবাৰকৈ পদক্ষেপ গ্ৰহণ কৰিছিল বিৰোধী দলসমূহে। কিন্তু কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ লোৱা সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে এই জ্ঞানেশ কুমাৰেই লাভ কৰিব পাৰে এক গুৰুত্বপূৰ্ণ দায়িত্ব। দেশৰ নিৰ্বাচনী মানচিত্ৰ নতুনকৈ প্ৰস্তুত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰিব পাৰে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।
প্ৰস্তাৱিত বিধেয়ক অনুসৰি, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বাবে এখন বিশেষ আয়োগ গঠন কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ কোনো কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই আয়োগৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিব। আনহাতে, পদবীৰ দায়িত্ব অনুসৰি মুখ্য নিৰ্বাচনী আয়ুক্ত অথবা তেওঁৰ মনোনীত কোনো এগৰাকী নিৰ্বাচনী আয়ুক্ত এই আয়োগৰ সদস্য হ’ব। ইয়াৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ নিৰ্বাচনী আয়ুক্তও আয়োগখনৰ সদস্য হিচাপে থাকিব।
২০২৯ চনৰ ২৬ জানুৱাৰীলৈকে মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্বত থাকিব জ্ঞানেশ কুমাৰ। ২০২৯ চনৰ লোকসভা নিৰ্বাচন নতুন সমষ্টিৰ সীমাৰ ভিত্তিত অনুষ্ঠিত কৰিবলগীয়া হ’লে তাৰ পূৰ্বেই দেশজুৰি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰিব লাগিব। ‘সমষ্টি পুনৰ্নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক, ২০২৬’ অনুসৰি, এই আয়োগৰ কাৰ্যকাল কিমান দিন হ’ব, সেয়া নিৰ্ধাৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে।
বিধেয়কখনত প্ৰতিখন ৰাজ্যৰ বাবে আয়োগক সহায় কৰিবলৈ ১০গৰাকীকৈ সহযোগী সদস্য নিয়োগ কৰাৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত সংশ্লিষ্ট ৰাজ্যৰ পাঁচগৰাকী লোকসভাৰ সাংসদ আৰু পাঁচগৰাকী বিধায়ক থাকিব। অৱশ্যে, এই সহযোগী সদস্যসকলৰ কোনো ভোটাধিকাৰ নাথাকিব। আয়োগৰ সিদ্ধান্তত স্বাক্ষৰ কৰাৰ অধিকাৰো তেওঁলোকক দিয়া নহ’ব।
উল্লেখ্য যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জ্ঞানেশ কুমাৰে এসময়ত অমিত শ্বাহৰ নেতৃত্বাধীন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ এছ আই আৰক কেন্দ্ৰ কৰি বিৰোধীয়ে আৰম্ভ কৰা ‘ভোট চুৰি’ৰ অভিযোগৰ অন্যতম লক্ষ্য হৈ পৰিছে তেওঁ। বিৰোধীৰ অভিযোগ, নিৰ্বাচনত জনতাৰ ৰায় সলনি কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৈতে মিলি কাম কৰিছে।
চলিত বৰ্ষৰ মাৰ্চ মাহত লোকসভাৰ ১৩০গৰাকী আৰু ৰাজ্যসভাৰ ৬৩গৰাকী, মুঠ ১৯৩গৰাকী বিৰোধী সাংসদে জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদৰ পৰা অপসাৰণৰ দাবীৰে জাননী দাখিল কৰিছিল। অৱশ্যে ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সেই জাননী নাকচ কৰে। এপ্ৰিল মাহতো একেধৰণৰ আন এক প্ৰচেষ্টা চলাইছিল বিৰোধী সাংসদসকলে।
বিৰোধী দলসমূহৰ দাবী, চৰকাৰৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ পাছত প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হৈছিল বুলিও তেওঁলোকে দাবী কৰিছে। পৰৱৰ্তী সময়ত অক্টোবৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰ হৈ পৰে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এছ আই আৰক লৈ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ সৈতে আন দুগৰাকী নিৰ্বাচনী আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ মতানৈক্যৰ সৃষ্টি হৈছিল। এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছিল।
সংসদত নিজৰ বক্তব্য প্ৰকাশৰ সুযোগ দিয়া হোৱা নাই বুলি অভিযোগ কৰি বিৰোধী সাংসদসকলে প্ৰতিবাদৰ এক ব্যতিক্ৰমী পন্থা গ্ৰহণ কৰিছিল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দিল্লীৰ বাসভৱনত প্ৰায় ২৫০গৰাকী বিৰোধী সাংসদে একত্ৰিত হৈ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতীকী ‘গণ-অভিশংসন’ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইফালে, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো কেইবাখনো আবেদন বিচাৰাধীন হৈ আছে।
আনহাতে, বিৰোধীৰ ‘ভোট চুৰি’ৰ অভিযোগক নিৰ্বাচন আয়োগে ভুল আৰু ভিত্তিহীন বুলি অভিহিত কৰি নাকচ কৰিছে। আয়োগৰ দাবী, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনকে ধৰি বিভিন্ন বিষয়ত গ্ৰহণ কৰা সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমেই লোৱা হৈছে। আয়োগৰ ভিতৰত মতানৈক্য থাকিলেও সেয়া গণতান্ত্ৰিক ব্যৱস্থাৰ এক স্বাভাৱিক অংশ বুলিও স্পষ্ট কৰিছে নিৰ্বাচন আয়োগে।
কেৰালা কেডাৰৰ ১৯৮৮ বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জ্ঞানেশ কুমাৰে ২০২৪ চনৰ ১৫ মাৰ্চত নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব লাভ কৰে। ২০২৩ চনৰ বিতৰ্কিত আইনৰ অধীনত নিযুক্তি লাভ কৰা তেওঁ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত। এই আইনৰ জৰিয়তে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে গঠন কৰা তিনিজনীয়া বাছনি সমিতিত ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছিল।
জ্ঞানেশ কুমাৰৰ নিযুক্তিক লৈ আপত্তি প্ৰকাশ কৰিছিল বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এগৰাকী মন্ত্ৰী বাছনি সমিতিত থকাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰাই পক্ষপাতদুষ্ট হৈ পৰিছে।
নিৰ্বাচন আয়োগত যোগদান কৰাৰ পূৰ্বে ২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত জম্মু-কাশ্মীৰ আৰু লাডাখ বিষয়ৰ অতিৰিক্ত সচিব হিচাপে দায়িত্ব পালন কৰিছিল জ্ঞানেশ কুমাৰে। সেই সময়তে তেওঁ জম্মু-কাশ্মীৰ পুনৰ্গঠন বিধেয়কৰ কাম-কাজৰ সৈতে জড়িত আছিল। এই বিধেয়কৰ জৰিয়তেই পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। লগতে অঞ্চলটোৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণৰ ব্যৱস্থাও কৰা হৈছিল। ইয়াৰ উপৰি, এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে অযোধ্যা গোচৰৰ সৈতে জড়িত বিভিন্ন বিষয়, বিশেষকৈ ৰাম মন্দিৰৰ ন্যাস গঠনৰ দায়িত্বতো তেওঁ জড়িত আছিল।
সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ ক্ষমতা সন্দৰ্ভতো বিধেয়কখনত কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা ৰখা হৈছে। পূৰ্বৰ নিয়ম আৰু নজিৰ অনুসৰি, মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকী নিজে সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ সদস্য হ’বই লাগিব বুলি কোনো বাধ্যবাধকতা নাই। ২০২০ চনত জম্মু-কাশ্মীৰৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠন কৰাৰ সময়ত তদানীন্তন মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰক আয়োগৰ সদস্য হিচাপে মনোনীত কৰিছিল। পৰৱৰ্তী সময়ত সুশীল চন্দ্ৰই মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব লাভ কৰাৰ পাছতো তেওঁ সেই আয়োগৰ পদবী অনুসৰি সদস্য হিচাপে বাহাল আছিল।
সেয়ে, জ্ঞানেশ কুমাৰে নিজেই সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ সদস্য হ’ব পাৰে অথবা আন দুগৰাকী নিৰ্বাচনী আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ মাজৰ পৰা কোনো এগৰাকীক মনোনীত কৰিব পাৰে। প্ৰস্তাৱ অনুসৰি, সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ কাৰ্যকাল ২০২৯ চনৰ জানুৱাৰীলৈকে থাকিব। সেই বছৰৰ এপ্ৰিল-মে’ মাহত দেশত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।
বিধেয়কখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে আয়োগৰ নিৰ্দেশৰ আইনী বৈধতা। বিধেয়ক অনুসৰি, সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ নিৰ্দেশ প্ৰকাশ পোৱাৰ পাছতেই সেয়া আইনৰ মৰ্যাদা লাভ কৰিব আৰু সাধাৰণতে আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰিব। অৱশ্যে, শেহতীয়া এটা গোচৰত উচ্চতম ন্যায়ালয়ে কৰা পৰ্যবেক্ষণ অনুসৰি, সংবিধানৰ ৩২৯ নং অনুচ্ছেদে সমষ্টি পুনৰ্নিৰ্ধাৰণ সম্পৰ্কীয় নিৰ্দেশৰ ক্ষেত্ৰত ন্যায়িক পৰ্যালোচনাৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰা নাই। কোনো নিৰ্দেশ স্পষ্টভাৱে স্বেচ্ছাচাৰী বা অন্যায়মূলক হ’লে আদালতে হস্তক্ষেপ কৰিব পাৰে।
এই বিধেয়কক লৈ বিৰোধীৰ আপত্তি কেৱল আয়োগৰ সদস্যপদতে সীমাবদ্ধ নহয়। তেওঁলোকৰ অভিযোগ, মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক ঢাল হিচাপে ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে নিজৰ ৰাজনৈতিক সুবিধা অনুসৰি সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণ কৰিব বিচাৰিছে। ইয়াৰ উদাহৰণ হিচাপে বিৰোধীয়ে অসম আৰু জম্মু-কাশ্মীৰৰ পূৰ্বৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিছে। সেই দুয়োটা অঞ্চলতে লোকসভাৰ মুঠ আসনৰ সংখ্যা অপৰিৱৰ্তিত ৰাখিয়েই সমষ্টিৰ সীমা সলনি কৰা হৈছিল। বিৰোধীৰ মতে, সেই প্ৰক্ৰিয়াই তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ ক্ষতি কৰিছিল। অৱশ্যে, বিৰোধীৰ এই অভিযোগ কেন্দ্ৰীয় চৰকাৰে অস্বীকাৰ কৰিছে।
অহা ৩০ নৱেম্বৰত পুনৰ আৰম্ভ হ’ব সংসদৰ অধিৱেশন। কেন্দ্ৰীয় চৰকাৰ আত্মবিশ্বাসী যে এইবাৰ বিৰোধী দলসমূহৰ পৰাও প্ৰয়োজনীয় সমৰ্থন লাভ কৰি বিধেয়ক দুখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰিব। এপ্ৰিল মাহৰ পৰাজয়ৰ পিছত এইবাৰ বিধেয়ক গৃহীত কৰাই কেন্দ্ৰৰ লক্ষ্য। ইয়াৰ জৰিয়তে দেশৰ নিৰ্বাচনী মানচিত্ৰ আগন্তুক ২৫ বছৰৰ বাবে সলনি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। কিন্তু এই প্ৰক্ৰিয়াই দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব, সেয়াই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন।


