• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 28, 2026 6:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাত মাহ আগতে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ বিল আনি সদনত মুখ থেকেচা খাইছিল। এতিয়া তেওঁলোকে ৩০ নৱেম্বৰৰ দিনা আকৌ সদনত সেই একেখন বিল উত্থাপন কৰিব। এইখিনিতে মই এটা কথা কৈ থওঁ। ইংৰাজী Delimitation শব্দটোৰ হিন্দী অনুবাদ কৰা হৈছে ‘পৰিসীমন’ বুলি। এই শব্দটো সংস্কৃত মূলীয়। মই ভাবোঁ, আমি অসমীয়াতো এই ‘পৰিসীমন’ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আহিছোঁ আচল কথাটোলৈ। পৰিসীমন বিল বিজেপিয়ে কিয় আনিব বিচাৰিছে? বিজেপিৰ মূল উদ্দেশ্য কি? যিকোনো প্ৰকাৰে শাসনত থকা। কিয় যিকোনো প্ৰকাৰে তেওঁলোক শাসনত থাকিব বিচাৰে? তাৰ কাৰণ স্পষ্ট। তেওঁলোকে যোৱা সময়ছোৱাত, মানে ২০১৪ চনৰ পৰা এতিয়ালৈকে ইমান নকৰিবলগীয়া কাম কৰিছে যে এবাৰ যদি কিবা কাৰণে তেওঁলোক চৰকাৰৰ পৰা যাব লগা হয়, তেওঁলোকৰ সৰহসংখ্যকেই জেলৰ ভাত খাব লাগিব। গতিকে, নতুন নতুন উপায় উলিয়াই তেওঁলোকে যিকোনো প্ৰকাৰে ক্ষমতাত থাকিব বিচাৰে।

 

Apply Now

এতিয়ালৈকে তেওঁলোকে ক্ষমতাত থকাৰ কি কি কৌশল অৱলম্বন কৰি আহিছে? প্ৰথমবাৰ আহিল ‘আচ্ছে দিন’ৰ ভাও লৈ। তাৰ পিছৰবাৰ তেওঁলোকক বচালে জম্মু-কাশ্মীৰৰ পুলৱামাই। সত্যপাল মালিকৰ কথা মনত আছে নহয় আপোনালোকৰ? শুনক, কি কৈছিল তেওঁ। তাৰ পিছৰবাৰ ২০২৪ত শ্ল’গান দিলে— ‘ইছ বাৰ চাৰশ পাৰ’। পালে কিমান? ২৪০খন। ইতিমধ্যে ‘আচ্ছে দিন’ বিজেপিৰ প্ৰচাৰৰ পৰা নোহোৱা হ’ল। হিন্দু-মুছলিম তেওঁলোকৰ নিৰন্তৰ শ্ল’গান, স্থায়ী অস্ত্ৰ। কিন্তু ২০২৪ত দেখা গ’ল সেইপাত অস্ত্ৰৰো ধাৰ কমি আহিছে। নতুন কিবা এটা বুদ্ধি পাঙিবৰ হ’ল। এইবাৰ আনিলে নিৰ্বাচন আয়োগক। সেই কাম হাৰিয়ানা, মহাৰাষ্ট্ৰত মনে মনে কৰিলে। যেতিয়া দেখিলে ঔষধে কাম দিছে, দেখাদেখিকৈ বিহাৰ আৰু পশ্চিমবংগত এছ আই আৰ আনি কোটি কোটি ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি নিৰ্বাচন জিকিলে। যোৱা সময়ছোৱাত, মানে ২০২৪ৰ পৰা এতিয়ালৈকে, নিৰ্বাচন আয়োগে কিমান জালিয়াতি কৰিছে, সি এতিয়া মানুহৰ মুখে মুখে লোককথাৰ ৰূপ পাইছে। জ্ঞানেশৰ অৱস্থা থৰক-বৰক। গতিকে এতিয়া নিৰ্বাচন আয়োগো নচলে। গতিকে এইবাৰৰ মহৌষধি হৈছে পৰিসীমন বিল। পৰিসীমন বিলৰ পৰীক্ষা ইতিমধ্যে অসমত কৰি হিমন্তই দেখুৱাইছে ই কিমান কামত অহা ঔষধ। এতিয়া অহা সোমবাৰে পৰিসীমন বিল সংসদত পাছ হ’ব আৰু তাৰ দ্বাৰা উত্তৰ ভাৰত আৰু কেন্দ্ৰীয় ভাৰতত হিন্দু-হিন্দী ভোট একগোট, একমুঠ কৰি আৰু বিৰোধীৰ ভোট ছেদেলি-ভেদেলি কৰি বিজেপিয়ে নিৰ্বাচন জিকাৰ পাং পাতিছে।

 

এইখিনিতে এপলক ৰৈ আমি চিন্তা কৰোঁ। এই সময়ছোৱাত বিৰোধীয়ে কি কৰিছে? সকলোৰে চকুৰ কূটা, দাঁতৰ শাল ৰাহুল গান্ধী— মনত ৰাখিব, নেহৰু-গান্ধী পৰিয়ালৰ ৰাহুল গান্ধীয়ে কি কৰিছে? মনত পেলাওক ভাৰত জোড়ো যাত্ৰালৈ। এই ছবি চাওক। তাৰ পিছতে ২০২৪ৰ নিৰ্বাচন হোৱা নাছিল জানো? ৰাহুলে বাধা দিছিল বিজেপিক। বিজেপিৰ গতি ৰুদ্ধ কৰি ২৪০তে সীমাবদ্ধ কৰিছিল। বাকীবোৰে কি কৰিছে? বিৰোধীক মই ‘পলিটিকেল ক্লাছ’ বুলি কৈছোঁ, মানে ৰাজনৈতিক শ্ৰেণী। চাওক, ২০২৪ত ২৪০লৈ নামি অহা বিজেপিয়ে নিজৰ পৰাজয়ক জয়লৈ ৰূপান্তৰিত কৰিবলৈ কি নকৰাকৈ আছিল— নিৰ্বাচন আয়োগৰ জালিয়াতি কৰি আৰু বিৰোধীৰ পৰা সাংসদ চুৰ কৰি। আৰু বিৰোধী ২০২৪ৰ গৌৰৱত মজি থাকি গমেই নাপালে কেতিয়া, কেনেকৈ তেওঁলোকৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ’ল। ৰাহুল গান্ধীয়ে ভোটচুৰিৰ বিষয়ে ইমানদিনে কৈ আছিল। তাতে মাজতে আহিল নীটৰ পেপাৰলিকৰ কথা। ককৰ’চ জনতা পাৰ্টিৰ জন্ম। কি উত্তাল জুলাই, ২০২৬! চাওক, চাই লওক। ৰাহুলৰ ভূমিকা চাওক। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ’ল। তাৰ মাজতে আহিল ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ ঋতিকা চোপ্ৰাৰ নিৰ্বাচন আয়োগ সম্পৰ্কীয় প্ৰতিবেদন। আকৌ প্ৰতিবাদৰ দামামা বাজিল। চাওক, ইণ্ডিয়া মৰ্চাৰ ৰামলীলা ময়দানত হোৱা মহা সমাৱেশৰ তেজস্বিতা! কিন্তু বিজেপি বহি থকা নাছিল। যোৱা এপ্ৰিল মাহত প্ৰথমবাৰ পৰিসীমন বিল সদনত পাছ কৰিব নোৱাৰি মন্ত্ৰণা কৰি আছিল কি কৰি নিৰ্বাচন নপতাকৈ সাংসদ চুৰ কৰিব পাৰে। পিছদুৱাৰেদি কৰা কামত বিজেপি সিদ্ধহস্ত। সেয়ে প্ৰথমে আপ, তাৰ পিছত তৃণমূল, তাৰ পিছত শিৱসেনা (উদ্ধৱ)ৰ পৰা সাংসদ চুৰ কৰি আনি তেওঁলোকে সদনত নিজৰ সংখ্যা বৃদ্ধি কৰিছিল। তেনেকৈয়ে ২০২৪ চনৰ ২৯২ৰ পৰা এতিয়া তেওঁলোকে ২০২৬ চনত ৩২০ সাংসদ গোটালে। তৎসত্ত্বেও জোগাৰ নহয়হে নহয়। এইবাৰ বিজেপিৰ লক্ষ্য ডি এম কে আৰু এন চি পি (পাৱাৰ)। এপ্ৰিলত তেওঁলোকে কি কৈছিল আৰু এতিয়া কি কৈ আছে। আচলতে কি জানে? এই পলিটিকেল ক্লাছটো বিজেপিতকৈ বিশেষ একো বেলেগ নহয়, বৰং বিজেপিতকৈ কিছু অধঃপতিতহে। বিজেপিৰ নেতা-পালিনেতাই পইচা মাৰে, কিন্তু তাৰ এটা ভাগ যায় বিজেপিৰ পুঁজিলৈ, এটাহে নিজৰ তাত থাকে। কিন্তু এওঁলোকৰ কোনো নীতি-আদৰ্শ নাই। তেওঁলোকে ৰাজনীতি কৰে কেৱল নিজৰ উদৰ পূৰাবলৈ। সেয়ে কালি বিজেপিৰ বদনাম কৰি আজি বিজেপিৰ লগত হাত মিলোৱাত তেওঁলোকৰ কোনো অসুবিধা নাই। তাতেই তেওঁলোকৰ বেছিভাগেই হ’ল দুৰ্নীতিগ্ৰস্ত। বিজেপিয়ে ই ডি, চি বি আই লগাই দিলে তেওঁলোকৰ কথাৰ সুৰ সলনি হয়। সেয়ে ডি এম কেক বিজেপিয়ে বশ কৰিব পাৰিছে আৰু মন্ত্ৰীৰ পদবী দি সিহঁতে সুপ্ৰিয়াক হাত কৰিব পাৰিছে। এম পিৰ খৰিদদাৰ কেনেকৈ হৈছে, সেই বিষয়ে সঞ্জয় ৰাৱাতে কি কৈছে শুনক। গতিকে পলিটিকেল ক্লাছৰ ওপৰত ভৰসা ৰাখি লাভ নাই। কিন্তু মনত ৰাখিব, ভাৰতৰ সাধাৰণ ভোটাৰে বিজেপিক ২৪০খন আসনহে দিছিল। সেই কাৰণেই আমি ৰাইজৰ ওচৰলৈ যাব লাগিব। মনত ৰাখিব, নল মৰি গজালি ওলাব। নতুন পুৰুষে, ৰাইজেই বিজেপিক ভেটিব। আৰু এটা কথা— পৰিসীমন বিল পাছ কৰি হিন্দু-হিন্দী ভোটাৰৰ প্ৰাধান্যৰ দ্বাৰা বিজেপিয়ে সদায় শাসনত থাকিব পাৰিব বুলি মই নাভাবোঁ। আমি কিয় আমাৰ হিন্দী বলয়ৰ বা কেন্দ্ৰীয় ভাৰতৰ ভোটাৰসকলক underestimate মানে সৰু কৰোঁ? কি, তেওঁলোকে সদায় বিজেপিকে ভোট দি আহিছে নেকি? মই কৈছোঁ, চাব— বিজেপিৰ বিৰোধিতা এতিয়া আৰম্ভ হ’ব হিন্দী বলয়ৰ পৰা। মহিলাৰ সংৰক্ষণ— লাজ লাগিব লাগে বিজেপিৰ। তোমালোকে ৮৫০খনৰ পৰাহে ২৮৪ আসন তেওঁলোকক দিবা, তথাপিও আধিপত্য পুৰুষতান্ত্ৰিকতাৰে থাকিব। আচলতে এতিয়া ধ্বনি হ’ব লাগে— বিজেপিক পৰাভূত কৰক, লগতে সুবিধাবাদৰ চূড়ামণি পলিটিকেল ক্লাছটোকো কবৰ দিয়ক। নতুনৰ ফালে চাওক, ৰাইজৰ ওচৰলৈ যাওক!

 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

November 28, 2026 6:08 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

November 28, 2026 5:41 pm
ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

November 28, 2026 5:04 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

November 28, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

November 28, 2026 6:08 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

November 28, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd