• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2026 5:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ আসনৰ সংখ্যা একেকোবে বৃদ্ধি কৰাৰ লগতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অহা ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰই ‘সংবিধান সংশোধনী বিধেয়ক, ২০২৬’ আৰু ‘সমষ্টি পুনৰ্নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক, ২০২৬’ উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। প্ৰস্তাৱিত বিধেয়কসমূহ কাৰ্যকৰী হ’লে দেশৰ ৰাজনৈতিক ছবিত ব্যাপক পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে।

প্ৰস্তাৱ অনুসৰি, দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসভাৰ আসন ৫০ শতাংশকৈ বৃদ্ধি কৰাৰ কথা চিন্তা কৰা হৈছে। ইয়াৰ ফলত বৰ্তমানৰ ৫৪৩খন আসনৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা বৃদ্ধি পাই প্ৰায় ৮১৬খন হ’ব পাৰে। সংবিধান সংশোধনীৰ জৰিয়তে লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা ৮৫০লৈ বৃদ্ধি কৰাৰ ব্যৱস্থা ৰখাৰ প্ৰস্তাৱো আছে। প্ৰস্তাৱিত ৮১৬খন আসনৰ আৰ্হিত ৰাজ্যসমূহৰ বাবে ৮১৬খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ৩৫খন আসনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰা হৈছে।

Apply Now

এই পৰিৱৰ্তনৰ ফলত সৰ্বাধিক লাভৱান হ’ব উত্তৰ প্ৰদেশ। ৰাজ্যখনৰ বৰ্তমানৰ ৮০খন লোকসভাৰ আসন বৃদ্ধি পাই ১২০খন হ’ব পাৰে। মহাৰাষ্ট্ৰৰ আসনৰ সংখ্যা ৪৮ৰ পৰা ৭২খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আছে। একেদৰে বিহাৰৰ আসন ৪০ৰ পৰা ৬০খনলৈ, পশ্চিমবংগৰ ৪২ৰ পৰা ৬৩খনলৈ আৰু তামিলনাডুৰ আসন ৩৯ৰ পৰা ৫৯খনলৈ বৃদ্ধি পাব পাৰে।

মধ্যপ্ৰদেশৰ বৰ্তমানৰ ২৯খন আসন বৃদ্ধি পাই ৪৪খন হোৱাৰ বিপৰীতে কৰ্ণাটকৰ ২৮খন আসন ৪২খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। গুজৰাটৰ আসনৰ সংখ্যা ২৬ৰ পৰা ৩৯খনলৈ বৃদ্ধি পাব পাৰে। বৰ্তমান ২৫খনকৈ আসন থকা অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানত প্ৰতিখনতে ৩৮খনকৈ আসন হোৱাৰ সম্ভাৱনা আছে। ওড়িশাৰ আসন ২১ৰ পৰা ৩২খনলৈ আৰু কেৰালাৰ আসন ২০ৰ পৰা ৩০খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আছে।

দক্ষিণ আৰু উত্তৰ-পূব ভাৰতৰ আন ৰাজ্যসমূহৰ ক্ষেত্ৰতো আসনৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। তেলেংগানাৰ বৰ্তমানৰ ১৭খন আসন বৃদ্ধি পাই ২৬খন হ’ব পাৰে। অসম আৰু ঝাৰখণ্ডৰ আসনৰ সংখ্যা ১৪খনৰ পৰা ২১খনকৈ হোৱাৰ প্ৰস্তাৱ আছে। পঞ্জাবৰ ১৩খন আসন বৃদ্ধি পাই ২০খন আৰু ছত্তীছগড়ৰ ১১খন আসন বৃদ্ধি পাই ১৭খন হ’ব পাৰে। আনহাতে, হাৰিয়ানাৰ বৰ্তমানৰ ১০খন লোকসভাৰ আসন ১৫খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

সৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবেও আসন বৃদ্ধিৰ এক নিৰ্দিষ্ট আৰ্হি প্ৰস্তুত কৰা হৈছে। দিল্লীৰ বৰ্তমানৰ ৭খন আসন বৃদ্ধি পাই ১১খন হ’ব পাৰে। জম্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ আসনৰ সংখ্যা ৫খনৰ পৰা ৮খনকৈ হোৱাৰ প্ৰস্তাৱ আছে। হিমাচল প্ৰদেশৰ আসন ৪খনৰ পৰা বৃদ্ধি পাই ৬খন হ’ব পাৰে।

উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ লগতে গোৱাৰ লোকসভাৰ আসন বৰ্তমানৰ ২খনৰ পৰা ৩খনকৈ হোৱাৰ সম্ভাৱনা আছে। দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ আসনৰ সংখ্যাও ২খনৰ পৰা বৃদ্ধি কৰি ৩খন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

অৱশ্যে, কিছুমান সৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসভাৰ আসনৰ সংখ্যা অপৰিৱৰ্তিত থাকিব। এই তালিকাত আছে মিজোৰাম, নাগালেণ্ড, ছিকিম, পুডুচেৰী, চণ্ডীগড়, লাডাখ, লক্ষদ্বীপ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। এই অঞ্চলসমূহত বৰ্তমানৰ দৰে এখনকৈ লোকসভাৰ আসনেই বাহাল ৰখাৰ প্ৰস্তাৱ কৰা হৈছে।

প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ কাৰ্যকৰী হ’লে দেশৰ সংসদীয় প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আহিব। বিশেষকৈ উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহলৈকে প্ৰতিখন ৰাজ্যৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই প্ৰস্তাৱসমূহ সংসদত উত্থাপন আৰু গৃহীত হোৱাৰ পিছতহে চূড়ান্ত ছবিখন স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

November 28, 2026 5:41 pm
ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

November 28, 2026 5:04 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

November 28, 2026 4:32 pm
সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

November 28, 2026 3:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

November 28, 2026 5:41 pm
ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

November 28, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd