NORTHEAST NOW (Assamese)
অসম

প্ৰেমিকৰ সৈতে কন্যাৰ পলায়নৰ খবৰ পোৱাৰ পিছত নিজৰেই প্ৰাণ ল’লে দম্পতীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2024 9:33 am

স্কুলৰ দুৱাৰদলি পাৰ হৈ কলেজ পাইছিল যুৱতীগৰাকী। কিন্তু তাইৰ সম্পৰ্কক লৈ ঘৰত অহৰহ অশান্তি বিৰাজ কৰিছিল। ছোৱালীজনীৰ লগত সম্পৰ্কত থকা ল’ৰাটো মাক দেউতাকৰ পছন্দ হোৱা নাছিল। আনকি এই বিষয়ত তেওঁলোকে আৰম্ভণিৰে পৰা আপত্তি কৰি আহিছিল। তাৰ বাবেই দম্পতীহালে দীৰ্ঘদিন ধৰি মানসিক বিষণ্ণতাত ভুগিছিল।

ইয়াৰ পিছতে প্ৰেমিকৰ সৈতে ছোৱালীজনীয়ে পলাই যোৱাৰ খবৰ পাই আত্মহত্যাৰ পথ লয় তেওঁলোকে। মৃতকৰ নাম উন্নিকৃষ্ণ পিল্লাই আৰু বিন্দু। দক্ষিণ কেৰালাৰ কোল্লাম জিলাৰ পাভুম্বা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

লগতে পঢ়কঃ কেন্দ্ৰৰ সৈতে আলোচনাত বৰফ গলিল! সদ্যহতে স্থগিত কৃষকৰ দিল্লী চলো অভিযান

আৰক্ষীৰ সূত্ৰ অনুসৰি উন্নিকৃষ্ণ আৰু তেওঁৰ পত্নী বিন্দুৱে বাৰে বাৰে একমাত্ৰ কন্যাক সম্পৰ্কৰ পৰা ওলাই আহিবলৈ অনুৰোধ কৰিছিল। কিন্তু মাক-দেউতাকৰ কথা মানি নলৈ সেই সম্পৰ্কতেই থাকি গ’ল যুৱতীগৰাকী। হাজাৰ আপত্তি স্বত্তেও যুৱতীগৰাকীয়ে সম্পৰ্কটোক আগুৱাই লৈ যায়।

আত্মীয়ৰ দাবী, ছোৱালীজনীৰ পিতৃ-মাতৃয়ে সকলো সময়তে নিজৰ ছোৱালীজনীৰ ব্যক্তিগত জীৱনৰ বাবে চিন্তা কৰি আছিল। অভিযোগ অনুসৰি কন্যাৰ বাবেই তেওঁলোক ক্ৰমান্বয়ে হতাশ হৈ পৰিছিল। কিন্তু পিতৃ-মাতৃৰ কথা নুশুনি প্ৰেমিকৰ সৈতে ঘৰৰ পৰা পলাই গ’ল যুৱতীগৰাকী। এই কথা জানিব পাৰি দম্পতীহালে আত্মহত্যাৰ চেষ্টা চলায়।

লগতে পঢ়কঃ বিশ্বৰ ৰহস্যময় হ্ৰদ! এই হ্ৰদৰ পানী চুলেই হেনো শিল হৈ পৰে কোনো প্ৰাণী

আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰে নিশা ছোৱালীজনীৰ পিতৃ-মাতৃয়ে টোপনিৰ ঔষধ খাই আত্মহত্যা কৰে। আৰক্ষীয়ে তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰে।