• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ সৈতে আলোচনাত বৰফ গলিল! সদ্যহতে স্থগিত কৃষকৰ দিল্লী চলো অভিযান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 19, 2024 8:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনৰ পিছত ২০২৪ চনত পুনৰ চাৰি বছৰৰ বিৰতিত আন্দোলনত নামিছে কৃষকসকল। এইবাৰো তেওঁলোকে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ (এম এছ পি) আইনী নিশ্চয়তা দাবী কৰে। ইয়াৰ লগতে আৰু অধিক দাবী আছে। দিল্লী চলো অভিযানৰ আহ্বান দিছিল কৃষকসকলে। ইপিনে অস্থিৰতা প্ৰশমনৰ বাবে কেন্দ্ৰই কৃষকৰ সৈতে আলোচনাত মিলিত হৈছে।

দেওবাৰে কেন্দ্ৰৰ কৃষকসকলৰ সৈতে চতুৰ্থ ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়। সূত্ৰ অনুসৰি কেন্দ্ৰই এম এছ পি সন্দৰ্ভত এটা প্ৰস্তাৱ দিছে। কৃষকসকলে প্ৰস্তাৱটো পঢ়ি চাই নিজৰ মাজতে আলোচনা কৰিবলৈ কিছু সময় বিচাৰিছে। সেইসূত্ৰে দিল্লী চলো অভিযান স্থগিত ৰখাৰ কথা জানিবলৈ দিছে।

লগতে পঢ়কঃ ৰাজকোটত যশস্বীৰ অনন্য যশস্যাঃ গঢ়িলে কেইবাটাও ঈৰ্ষণীয় অভিলেখ

Apply Now

পঞ্জাৱ-হাৰিয়ানা সীমান্তত ট্ৰেক্টৰ লৈ বহি আছে হাজাৰ হাজাৰ কৃষক। দেওবাৰে আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল, কৃষি ৰাজ্য মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে আলোচনাত মিলিত হয়। এই বৈঠকত কৃষকৰ হৈ পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানো উপস্থিত আছিল৷ দিনৰ ৮:১৫ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক নিশা ১:০০ বজালৈকে চলে।

বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে পাঁচ বছৰ ধৰি কেন্দ্ৰই চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে নূন্যতম সমৰ্থন মূল্যত দালি, কুঁহিয়াৰ আৰু কপাহৰ শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন, ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনৰ দৰে চৰকাৰী সংস্থাই মুগ, মচুৰ দাইল আৰু উৰড দালি উৎপাদন কৰা কৃষকৰ সৈতে চুক্তিবদ্ধ হ’ব।

এই শস্য কৃষকৰ পৰা নূন্যতম সমৰ্থন মূল্যত পাঁচ বছৰৰ বাবে ক্ৰয় কৰা হ’ব। ক্ৰয় কৰিবলগীয়া শস্যৰ পৰিমাণৰ কোনো উচ্চ সীমা নাই। এই শস্যসমূহ ক্ৰয়-বিক্ৰয়ৰ বাবে এটা সুকীয়া পৰ্টেল তৈয়াৰ কৰা হ’ব।

কোৱা হৈছে যে কেন্দ্ৰৰ এই সিদ্ধান্তৰ দ্বাৰা পঞ্জাৱৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব। ভূগৰ্ভস্থ পানীৰ পৰিমাণ বৃদ্ধি কৰি কৃষিভূমি উৰ্বৰ কৰি ৰখাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব। কৃষকৰ ঋণ ৰেহাইকে ধৰি অন্যান্য দাবীৰ বিষয়ে এতিয়াও আলোচনা হোৱা নাই। পৰৱৰ্তী বৈঠকত ইয়াৰ বিষয়ে আলোচনা কৰা হ’ব।

লগতে পঢ়কঃ বিশ্বৰ ৰহস্যময় হ্ৰদ! এই হ্ৰদৰ পানী চুলেই হেনো শিল হৈ পৰে কোনো প্ৰাণী

কৃষকৰ হৈ প্ৰতিনিধি সৰৱাল সিং পান্ধেৰে কয় যে অহা ১৯ আৰু ২০ তাৰিখে কেন্দ্ৰৰ প্ৰস্তাৱসমূহৰ ওপৰত কৃষক মঞ্চত আলোচনা কৰা হ’ব। সকলোৰে সহমতত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব। এতিয়াৰ বাবে স্থগিত ৰখা হৈছে দিল্লী চলোৰ অভিযান। যদিহে সমস্যাৰ সমাধান নহয় আৰু কৃষকৰ দাবী পূৰণ নহয় তেন্তে ২১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ অভিযান আৰম্ভ কৰা হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd