NORTHEAST NOW (Assamese)
অসম

আত্মসমৰ্পণ কৰাৰ বাবে ম্যানমাৰত তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেলক মৃত্যুদণ্ডৰ শাস্তি জুন্টাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2024 2:54 pm

ম্যানমাৰৰ সামৰিক জুন্টাই বিদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ অপৰাধত তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেল পৰ্যায়ৰ বিষয়াক মৃত্যুদণ্ড দিছে।

যোৱা মাহত সহস্ৰাধিক সেনাৰ সৈতে আত্মসমৰ্পণ কৰাৰ পিছত এখন গুৰুত্বপূৰ্ণ চহৰৰ নিয়ন্ত্ৰণ বিদ্ৰোহী সংগঠনটোৰ হাতত গুচি গৈছিল। জুন্টাৰ দুটা সূত্ৰই নিশ্চিত কৰিছে যে তেওঁলোকক সামৰিক আদালতত এই শাস্তি দিয়া হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বান প্ৰদেশৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানীখনৰ নাম লাউক্কাই। থ্ৰী ব্ৰাদাৰহুড এলায়েন্স, ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মি (এমএনডিএ), আৰাকান আৰ্মী (এএ) আৰু টা’আং লিবাৰেশ্যন আৰ্মিৰ তিনিটা গোটৰ সৈতে প্ৰায় এমাহ ধৰি তীব্ৰ যুদ্ধৰ অন্তত যোৱা জানুৱাৰী মাহত ম্যানমাৰ সেনাৰ তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেলে নিজৰ সৈন্যৰ সৈতে লাউক্কাই চহৰৰ দায়িত্বত থকা কমাণ্ডাৰে আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণৰ পিছত থ্ৰী ব্ৰাদাৰহুড এলায়েন্সে সেনা বিষয়া আৰু সদস্যসকলক নিৰাপদে লাউক্কাই এৰি যোৱাত সহায় কৰে।

লগতে পঢ়কঃ অটুট বন্ধন! বন্ধুত্বৰ চিন স্বৰূপে কিমৰ বাবে গাড়ী উপহাৰ পঠিয়ালে পুটিনে

উল্লেখ্য যে ম্যানমাৰৰ সামৰিক আইন অনুসৰি অনুমতি অবিহনে কৰ্মস্থলী এৰিলে সৰ্বোচ্চ মৃত্যুদণ্ড।

অৱশ্যে সেই তিনিজন লোকক কেতিয়া মৃত্যুদণ্ড দিয়া হৈছিল সেই সন্দৰ্ভত বিতং তথ্য জানিব পৰা হোৱা নাই। যোৱা মাহৰ আৰম্ভণিতে দেশৰ সেনাৰ মুখপাত্ৰই নিশ্চিত কৰিছিল যে তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেল সামৰিক জিম্মাত আছে।