NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত ভয়াৱহ হিমস্খলনঃ এজন বিদেশী পৰ্যটকৰ মৃত্যু, আন এজন সন্ধানহীন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2024 6:01 pm
Jammu and Kashmir

জম্মু-কাশ্মীৰৰ গুলমাৰ্গ আজি ভয়াৱহ হিমস্খলনৰ সৃষ্টি হয়। এই হিমস্খলনৰ  ফলত এজন বিদেশী পৰ্যটকৰ মৃত্যু হয়।

আনহাতে আন এজন বিদেশী পৰ্যটক এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, স্থানীয় বাসিন্দাৰ সহযোগ অবিহনে বিদেশী পৰ্যটকসকল স্কিৰ উদ্দেশ্যে গৈছিল।

তেনেসময়তে হিমস্খলনৰ সৃষ্টি হোৱাৰ ফলত খহি পৰা বৰফৰ তলত কেইবাজনো স্কিয়ৰক আবদ্ধ হৈ পৰে।

ঘটনাৰ পিছতে জম্মু-কাশ্মীৰ প্ৰশাসনৰ সেনা আৰু এটা টহলদাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে পাঁচজন স্কিয়ৰক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আটাইকেইজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

কাশ্মীৰত বিগত তিনিদিন ধৰি যথেষ্ট বৰফ পৰা পৰিলক্ষিত হৈছে। এনে অৱস্থাত পাহাৰীয়া অঞ্চলসমূহত হিমস্খলনৰ সম্ভাৱনা বৃদ্ধি পাইছে।