NORTHEAST NOW (Assamese)
Popular Stories

লেপটপ কোলাত লৈ ব্যৱহাৰ কৰে নেকি? তেন্তে পঢ়ি লওঁক এইটো লেখা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী February 25, 2024 8:55 pm

আজিকালি কম্পিউটাৰ নহ’লেই নহয়। সকলো কাৰ্যালয় বা প্ৰতিষ্ঠানতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। কম্পিউটাৰ দুই ধৰণৰ থাকে – লেপটপ আৰু ডেস্কটপ।

আজিকালি লেপটপৰ ব্যৱহাৰ ডেস্কটপতকৈ অধিক বৃদ্ধি পাইছে কাৰণ ইয়াক সহজে কঢ়িয়াই নিব পৰা যায়। কিন্তু বহুতে নাজানে ইয়াৰ ফলত শৰীৰৰ ভয়াৱহ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

লেপটপত বিদ্যুৎচুম্বকীয় বিকিৰণ নিৰ্গত হয়। যদিও ইয়াৰ পৰিমাণ ৱাই-ফাই বা ব্লুটুথ ডিভাইচতকৈ তুলনামূলকভাৱে কম। কিন্তু যেতিয়া কোনোবাই কোলাত লেপটপ লৈ কাম কৰে তেতিয়া সেই বিকিৰণে প্ৰত্যক্ষভাৱে শৰীৰত প্ৰভাৱ পেলায়। মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়।

কোলাত লেপটপ লৈ কাম কৰিলে ডিঙিৰ বিষ আৰু কঁকালৰ বিষ বা অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কোলাত লেপটপ লৈ দীৰ্ঘদিন কাম কৰিলে ‘টোষ্টেড স্কিন চিনড্ৰম’ হ’ব পাৰে। ইয়াৰ ফলত ছালত ফোহা ওলায়। 

কোলাত লৈ কাম কৰিলে লেপটপটোৱে উৎপন্ন হোৱা তাপৰ বাবে অণ্ডকোষৰ কৰ্কট ৰোগৰ আশংকা থাকে। কিন্তু লেপটপৰ উত্তাপৰ লগত জড়িত এনে স্বাস্থ্যজনিত সমস্যাৰ কোনো গৱেষণাভিত্তিক প্ৰমাণ পোৱা নাযায়। মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ উপৰিও কোলাত লেপটপ লৈ কাম কৰিলে ডিভাইচটোৰ ক্ষতি হোৱাৰ আশংকা থাকে।

লেপটপত কিছুমান সৰু সৰু ফেন থাকে। যিবোৰ অতি দ্ৰুতগতিত চলি থাকে আৰু বায়ু প্ৰবাহত সহায় কৰি আভ্যন্তৰীণ যন্ত্ৰবোৰ ঠাণ্ডা কৰি ৰাখে। কিন্তু লেপটপটো কোলাত ৰাখিলে এই ফেনবোৰ অন কৰাটো কঠিন হৈ পৰে।