NORTHEAST NOW (Assamese)
অসম

মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 29, 2024 10:41 am

মধ্য প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত কমেও ১৪ জন লোকনিহত হয়। আন কেইবাজনো লোক আহত হৈছে। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে পুৱাই ডিন্দোৰি অঞ্চলৰ বাজগড় ঘাটৰ সমীপত যাত্ৰী কঢ়িয়াই অনা এখন পিকআপ ট্ৰাক বাগৰি পৰে। এই ঘটনাত কমেও ১৪ জন লোকে প্ৰাণ হেৰুৱায়। আহত হয় ২০জন লোক।

লগতে পঢ়কঃ ISRO-ৰ বিজ্ঞাপনত ‘চীনৰ ছবি দিলে DMK-ই’, মোদীৰ কটাক্ষৰ পিছতে প্ৰত্যুত্তৰ ‘সত্য স্বীকাৰ কৰক’

ডিন্দোৰীৰ কাউন্সিলাৰ বিকাশ মিশ্ৰই কয় যে আহত লোকসকলক শ্বাহপুৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছে।

জানিব পৰা মতে, পিকআপ ট্ৰাকখন তীব্ৰ বেগেৰে চলি আছিল। গতি ইমানেই বেছি আছিল যে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত ট্ৰাকখন বাগৰি পৰে। ফলত যাত্ৰীসকল ছিটিকি পৰে। বহুতেই তীব্ৰ গতিৰ বলি হয়।

ইপিনে, তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হয়। আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

লগতে পঢ়কঃ ৰাজ্যৰ ১৬টা দলৰ বিৰোধী মঞ্চত পুনৰ CAA বিৰোধী প্ৰতিবাদৰ অংগীকাৰ

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।