NORTHEAST NOW (Assamese)
অসম

গুগলৰ বিৰুদ্ধে ৩২টা সংবাদ গোষ্ঠীৰ গোচৰ; ২৩০ কোটি ডলাৰ ক্ষতিপূৰণ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2024 1:11 pm

ইউৰোপৰ ১৩খন দেশৰ ৩২টা মিডিয়া গ্ৰুপে আই টি জায়েন্ট গুগলৰ বিৰুদ্ধে গোচৰ কৰিছে। গুগলৰ বিজ্ঞাপন প্ৰযুক্তিৰ ফলত হোৱা ক্ষতিৰ অভিযোগ উত্থাপন কৰি মিডিয়া গ্ৰুপসমূহে ২৩০ বিলিয়ন ডলাৰ ক্ষতিপূৰণ বিচাৰিছে।

গোচৰ তৰাসকলৰ ভিতৰত আছে অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, চেক গণৰাজ্য, ডেনমাৰ্ক, ফিনলেণ্ড, হাংগেৰী, নেদাৰলেণ্ড, নৰৱে, পোলেণ্ড, স্পেইন আৰু ছুইডেনৰ সংবাদ মাধ্যম।

মিডিয়া গ্ৰুপকেইটাক প্ৰতিনিধিত্ব কৰা আইনজীৱী সংস্থা জেৰাডিন পাৰ্টনাৰ্ছ এণ্ড ষ্টেকছে কয় যে বিজ্ঞাপন জগতত প্ৰতিযোগিতা হ্ৰাস পোৱা আৰু গুগলৰ ব্যৱসায়িক পদ্ধতিৰ বাবে গুগলৰ বিৰুদ্ধে গোচৰ তৰা কোম্পানীসমূহৰ ক্ষতি হৈছে।

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়েও বিমুখ কৰিলে চিবিআইক; শীঘ্ৰেই অ’টিটিত শ্বীনা বৰা হত্যাকাণ্ডৰ ৰহস্য!

গুগলৰ মতে, এই গোচৰটো অনুমানভিত্তিক। গুগলে ইউৰোপৰ প্ৰকাশকসকলৰ সৈতে গঠনমূলকভাৱে জড়িত হয় আৰু কৰ্মৰ জৰিয়তেই তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলে।