NORTHEAST NOW (Assamese)
দেশ

অহিন্দু লোকে প্ৰৱেশ কৰিলে পুৰীৰ জগন্নাথ মন্দিৰত : গ্ৰেপ্তাৰ ৯ গৰাকী বিদেশী নাগৰিক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 4, 2024 6:12 pm

নিয়ম উলংঘা কৰি পুৰিৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰা ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে সন্ধিয়া নিয়ম উলংঘা কৰি মন্দিৰত প্ৰৱেশ কৰে ৯ জন বাংলাদেশী নাগৰিকে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিশ্ব হিন্দু পৰিষদে থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ আধাৰত আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে মন্দিৰৰ নিয়ম উলংঘা কৰি অহিন্দুৰ এটা দলে ভিতৰলৈ সোমাই অহা দেখিছিল। ইয়াৰ পিছত তেওঁলোকে সিন্ধোৱাৰ থানাত এজাহাৰ দাখিল কৰে। 

পুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুশীল মিশ্ৰই জনোৱা মতে, এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ দল এটা সেই স্থানত উপস্থিত হয়। উলংঘাকাৰীক প্ৰথমে আটক কৰি তাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। অধিক তদন্তৰ বাবে তেওঁলোকক জিম্মাত লোৱা হৈছে। 

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘আমি এজাহাৰ পাইছিলোঁ যে বাংলাদেশৰ পৰা অহা অহিন্দু একাংশ লোকে মন্দিৰত প্ৰৱেশ কৰিছে। বিষয়টোৰ তদন্ত চলি আছে। অভিযোগ প্ৰমাণিত হ’লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অতিৰিক্ত আৰক্ষী অধীক্ষকে কয়, ‘আমি গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পাছপ’ৰ্ট পৰীক্ষা কৰি আছো। গ্ৰেপ্তাৰ হোৱা এজনক হিন্দু বুলি চিনাক্ত কৰা হৈছে।