NORTHEAST NOW (Assamese)
অসম

দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 5, 2024 9:07 am

সমগ্ৰ দেশতে নগদবিহীন স্বাস্থ্য বীমাৰ পথ সহজ হৈ পৰিল। উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰক এক ডাঙৰ নিৰ্দেশ দিছে। আদালতে কয় যে ভৱিষ্যতে দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ সমান হ’ব লাগে।

উচ্চতম ন্যায়ালয়ে অহা ছয় সপ্তাহ অৰ্থাৎ ডেৰ মাহৰ ভিতৰত এই নিৰ্দেশনাৰ ওপৰত গুৰুত্বসহকাৰে সিদ্ধান্ত ল’বলৈ কৈছে।

বৰ্তমান দেশৰ বিভিন্ন হাস্পাতলৰ চিকিৎসাৰ খৰচ বেলেগ বেলেগ। ইয়াৰ ফলত নগদবিহীন স্বাস্থ্য বীমা সেৱা আৰম্ভ কৰাটো কঠিন হৈ পৰে। এই সন্দৰ্ভত এটা স্বেচ্ছাসেৱী সংগঠনে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ মামলা দাখিল কৰিছিল।

লগতে পঢ়কঃ মহাকাশত ভাৰতে নিৰ্মাণ কৰিব স্পেচ ষ্টেশ্যন; নিৰ্দ্ধাৰিত লক্ষ্যৰ কথা ক’লে ইছৰোৰ মুৰব্বীয়ে

শুনানিৰ সময়ত দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে, “আমি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবক নিৰ্দেশ দিছো, কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্তৃপক্ষৰ সৈতে কথা পতাৰ পিছত এটা নিৰ্দিষ্ট প্ৰস্তাৱ আনিব লাগে। এই প্ৰস্তাৱ অহা ছয় সপ্তাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব।”

যোৱা সপ্তাহত ন্যায়াধীশ বি আৰ গাভাই আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কয় যে পৰৱৰ্তী শুনানিৰ তাৰিখৰ ভিতৰত কেন্দ্ৰই কোনো সুনিৰ্দিষ্ট প্ৰস্তাৱ উলিয়াব নোৱাৰিলেও আমি এই সন্দৰ্ভত উপযুক্ত নিৰ্দেশনা জাৰি কৰিম। তেনেদৰে আদালতে ছয় সপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিলে।