NORTHEAST NOW (Assamese)
দেশ

অসুস্থ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলঃ চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2024 6:40 pm
Pratibha Patil

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, জ্বৰ আৰু বুকুৰ বিষত ভুগিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

বুধবাৰে নিশা মহাৰাষ্ট্ৰৰ পুনে চহৰৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয়।

অৱশ্যে সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই আজি সদৰী কৰিছে।

চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই লগতে কয়।

উল্লেখ্য যে, প্ৰতিভা পাটিল হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।

তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈ দেশৰ শীৰ্ষ সাংবিধানিক পদটোত অধিষ্ঠিত আছিল।