NORTHEAST NOW (Assamese)
দেশ

আপৰ শীৰ্ষ নেতাৰে ১০০ কোটি টকাৰ চুক্তি হৈছিল কে কবিতাৰ : দাবী ইডিৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 18, 2024 8:11 pm

ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াকে ধৰি আম আদমি পাৰ্টিৰ শীৰ্ষ নেতাসকলৰ লগত ১০০ কোটি টকাৰ চুক্তি কৰিছিল। দিল্লীৰ অবৈধ সুৰা নীতি কেলেংকাৰীৰ তদন্তত এইন দাবী কৰিছে বলবৎকাৰী সঞ্চালকালয়ে।

“উপকাৰ”ৰ বিনিময়ত কে কবিতাই আপ নেতাসকলক ১০০ কোটি টকা দিয়া বুলি অভিযোগ উত্থাপন কৰিছে তদন্ত সংস্থাটোৱে। 

অধিক লাভৰ বাবে কে কবিতা আৰু তেওঁৰ সহযোগীসকলে আপক আগতীয়াকৈ বৃহৎ আগ ধনৰ টোপোলা দিছিল বুলি দাবী কৰিছে সংস্থাটোৱে।

যোৱা ১৬ মাৰ্চ, শনিবাৰে ৪৫ বছৰীয়া বি আৰ এছ নেত্ৰীগৰাকীৰ হায়দৰাবাদৰ বাসগৃহত তালাচী চলোৱাৰ পিছত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। পিছদিনা পিএমএলএৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু ২৩ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

এই পৰ্যন্ত ইডিয়ে দিল্লী সুৰা নীতি গোচৰত দিল্লী, হায়দৰাবাদ, চেন্নাই, মুম্বাইকে ধৰি দেশৰ ২৪৫ টা স্থানত তালাচী চলাইছে।

এই গোচৰত এতিয়ালৈকে আপ নেতা মনীষ ছিছ’দিয়া, সঞ্জয় সিং আৰু বিজয় নাইৰকে ধৰি পোন্ধৰজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইডিয়ে এই গোচৰত এটা বিচাৰ অভিযোগ আৰু ৫টা পৰিপূৰক অভিযোগ দাখিল কৰিছে।

সোমবাৰে তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, এই সুৰা কেলেংকাৰীৰ পৰা লাভ কৰা ১২৮.৭৯ কোটি টকাৰ সম্পত্তিৰ সন্ধান পোৱা গৈছে।