NORTHEAST NOW (Assamese)
অসম

জনতাৰ মূৰত মাধমাৰ, নিৰ্বাচনী বণ্ডৰ খৰচ উঠাই ল’বলৈ হোৰাহোৰে ঔষধৰ মূল্য বৃদ্ধি কৰিছে কোম্পানীয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2024 3:23 pm

ফাৰ্মা কোম্পানীসমূহে ‘ইলেক্টৰেল বণ্ড’ত দান কৰি ৰাজনৈতিক দলসমূহক ‘সন্তুষ্ট’ কৰিবলৈ বিপুল পৰিমাণৰ ধন ব্যয় কৰিছে। তাৰ ফলত ঔষধ কিনাৰ সময়ত সাধাৰণ মানুহৰ পকেট খালী হৈছে। এবাৰ খৱৰ কৰি চাওকচোন, আপোনাৰ ঘৰৰ কোনোবাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ ঔষধ টেলমা খাইছে নিশ্চয়। গ্লেনমাৰ্কৰ এই জনপ্ৰিয় ঔষধৰ মূল্য যোৱা এবছৰত ১৮-২০ শতাংশ বৃদ্ধি পাইছে। গ্লেনমাৰ্কে নিৰ্বাচনী বণ্ডত ৯.৭৫ কোটি টকা দান দিছে।

ডায়েবেটিছৰ বলি ভাৰতৰ কোটি কোটি লোকে ব্লাড ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ গালাভাছ খাব লগা হৈছে। নোভাৰ্টিছৰ দ্বাৰা নিৰ্মিত এই ঔষধৰ দাম শেহতীয়াকৈ কিমান বৃদ্ধি পাইছে জানেনে? প্ৰায় ২০-২৫ শতাংশ।

হায়দৰাবাদৰ যশোদা ছুপাৰ স্পেচিয়েলিটি হস্পিতাল গ্ৰুপৰ উপৰিও ৩৬টা ঔষধ কোম্পানীয়ে একেলগে প্ৰায় ৯০৩ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। নিৰ্বাচন আয়োগে দিয়া এছ বি আইৰ এই তথ্য শেহতীয়াকৈ প্ৰকাশ পোৱাৰ পৰাই চৰ্চা আৰম্ভ হৈছে।

লগতে পঢ়কঃ কঠোৰ নিৰাপত্তা আইন গৃহীত কৰিলে হংকঙে; কিয় অনা হ’ল এনে কঠোৰ আইন?

এই প্ৰসংগত ফাৰ্মাচিউটিকেল কোম্পানীৰ বিপণন কৰ্মীৰ সংগঠন ডব্লিউ বি এম এছ আৰ ইউৰ নেতা দেবাশীশ কুণ্ডুৱে কয় যে, “ফাৰ্মাচিউটিকেল কোম্পানীয়েতো আৰু নিজৰ ঘৰৰ পৰা নিৰ্বাচনী বণ্ডত ধন নিদিয়ে? সেই ধন ঔষধৰ দাম বৃদ্ধি কৰি উলিয়াব। ফাৰ্মা কোম্পানীয়ে ৯০০ কোটি নিৰ্বাচনী বণ্ড জাৰি কৰি ঔষধৰ মূল্য বৃদ্ধি কৰি ৯০০০ কোটি টকা সংগ্ৰহ কৰিব।”

আগতে ২.৫০ টকাত পোৱা ঔষধৰ দাম বৃদ্ধি পাই প্ৰায় ১০ টকা হৈছে। কিয় এনেকুৱা হৈছে? কুণ্ডুৰ মতে, পূৰ্বে ঔষধ বা টেবলেট বনোৱা খৰচত ১৫০ শতাংশ যোগ কৰি মূল্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু এতিয়া দাম নিৰ্ধাৰণৰ পূৰ্বে কোম্পানীসমূহে বজাৰৰ শীৰ্ষ পাঁচটা ব্ৰেণ্ডৰ ঔষধৰ দাম চায়। তাৰ পিছত মূল্যৰ গড় হিচাপ কৰি নিৰ্ধাৰিত ঔষধৰ মূল্য নিৰ্ণয় কৰা হয়। স্বাভাৱিকতে ইয়াৰ বাবে উচ্চ ৰক্তচাপ, উচ্চ ডায়েবেটিছ, বৃক্কৰ ৰোগৰ ঔষধ ইয়াৰ বাবে ব্যয়বহুল।

জানিব পৰা মতে কেইদিনমান পূৰ্বে ইডিয়ে মাইক্ৰ’ লেবৰ কাৰ্যালয়ত অভিযান চলাইছিল। গুণগত পৰীক্ষাত অনুতীৰ্ণ হোৱা সাতটা ফাৰ্মা কোম্পানীয়ে দিয়া মোটা অংকৰ দান তেতিয়াহ’লে বিজেপিলৈ গৈছে? এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হেঁচাত ১৬ কোটিৰ নিৰ্বাচনী বণ্ড সংস্থাটোৱে দিছিল। ইয়াৰ পিছত মাইক্ৰ’ই বিভিন্ন চৰকাৰী চিকিৎসালয়ৰ পৰা প্ৰায় ৪৫০ কোটি টকাৰ আৱন্টন লাভ কৰে।একেদৰে বিভিন্ন ঔষধৰ গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা ৭টা ফাৰ্মা কোম্পানীয়েও নিৰ্বাচনী বণ্ডত বিপুল পৰিমাণৰ ধন দিয়াৰ তথ্য পোহৰলৈ অহাত উদ্বেগ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ চিকিৎসকে কৈছিল ৬ মাহ বাচিব; হাৰ্ট ট্ৰেন্সপ্লান্টৰ পিছত ৩৯ বছৰ জীয়াই থাকি বিশ্ব অভিলেখ ব্যক্তিৰ

অৰ্থাৎ হেটেৰ’লিয়া বছ এণ্ড হেটেৰ’ হেল্থকেয়াৰ (৩৯ কোটি), টৰেণ্ট ফাৰ্মা (৭৭.৫ কোটি), জাইডাছ হেল্থকেয়াৰ (২৯ কোটি), গ্লেনমাৰ্ক (৯.৭৫ কোটি), চিপ্লাই (৩৯.২ কোটি ), আইপিচিএ লেবৰেটৰীজ লিমিটেড (১৩.৫ কোটি), ইনটাছ ফাৰ্মাচিউটিকেলছ (২০ কোটি) ইত্যাদি ডাঙৰ কোম্পানীয়ে ডিজিচিআই বা কেন্দ্ৰীয় চৰকাৰক উৎকোচ দি গুণগত পৰীক্ষাত উত্তীৰ্ণ হ’ব বিচাৰিব।

ইয়াৰ উপৰিও বণ্ড ক্ৰয়ৰ তালিকাত আছে অৰবিন্দ ফাৰ্মা (৫১.১ কোটি), অজন্তা ফাৰ্মা (৪ কোটি), আলেম্বিক (১০.২ কোটি), মানকাইণ্ড (২৪ কোটি), পেনাচিয়া বায়’টেক (১ কোটি), পিৰামল ফাৰ্মা (৩ কোটি), হেটেৰ’ ফাৰ্মা (৩ কোটি) হেটেৰা ফাৰ্মা (৫ কোটি), মাইক্ৰ’ লেব (১৬ কোটি), ভাৰত বায়’টেক (১০ কোটি) সহ বহু বিখ্যাত ঘৰুৱা ঔষধ কোম্পানী।

যিহেতু নিৰ্বাচনী বণ্ডৰ পৰা ধন লাভৰ ক্ষেত্ৰত বিজেপি বাকীসকলতকৈ বহু আগবাঢ়ি আছে, সেয়েহে সহজে অনুমান কৰিব পৰা যায় যে কোম্পানীসমূহে কেন্দ্ৰত শাসকীয় দলটোক সন্তুষ্ট কৰিছে। বিভিন্ন কোম্পানীয়ে ঔষধৰ বজাৰ দখল কৰিবলৈ বিভিন্ন অনৈতিক পদ্ধতি অনুসৰণ কৰে। কিন্তু এই অনৈতিক বিপণন বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যি কোড প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে, তাত অনৈতিক বিপণন বন্ধ কৰাৰ কোনো শাস্তিমূলক ব্যৱস্থা নাই।

লগতে পঢ়কঃ মেঘালয়ত জন কেনেডীৰ হাতত গ্ৰেপ্তাৰ প্ৰাৰ্থী হিটলাৰ! নিৰ্বাচনী আয়োগৰ পোষ্টক লৈ চাঞ্চল্য

অৰ্থাৎ চোৰক কোৱা হৈছে যে চুৰি কৰাটো পাপ। কিন্তু চুৰি কৰাৰ কোনো শাস্তি নাই। ফলত পৰোক্ষভাৱে অনৈতিক বিপণনক উৎসাহিত কৰি ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰক্ৰিয়াৰ জৰিয়তে কৰ্পৰেটসকলক সুযোগ আনি দিয়া হৈছে। কিন্তু ফল ভূগিবলগীয়া হৈছে সাধাৰণ মানুহে।