NORTHEAST NOW (Assamese)
দেশ

জঘন্য! ঘৰত প্ৰেমিকৰ সৈতে দেখা পাই নিজ কন্যাৰ প্ৰাণ ল’লে মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2024 5:52 pm
Woman killed Daughter

এক জঘন্য হত্যাকাণ্ডই দখল কৰিছে সংবাদ শিৰোনাম। নিজ মাতৃৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতীয়ে। এগৰাকী মহিলাই ডিঙি চেপি হত্যা কৰিছে নিজ কন্যাক। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

প্ৰকাশিত খবৰ অনুসৰি, যুৱতীগৰাকীক প্ৰেমিকৰ সৈতে ঘৰতে দেখা পাই হত্যা কৰে মহিলাগৰাকীয়ে। হায়দৰাবাদৰ ইব্ৰাহিমপট্টনমত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত মহিলাগৰাকীক মোটে জংগম্মা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জংগম্মাই আজি দুপৰীয়াৰ আহাৰ খাবলৈ কৰ্মস্থলীৰ পৰা আহি কন্যা ভাৰ্গৱীক প্ৰেমিকৰ সৈতে ঘৰত দেখা পায়। দুয়োকে একেলগে দেখি জংগম্মা ক্ষোভিত হৈ পৰে আৰু কন্যাৰ প্ৰেমিকক ঘৰৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ে।

ইয়াৰ পিছতে জংগম্মাই শাৰীৰে ডিঙি চেপি হত্যা কৰে নিজ কন্যা ভাৰ্গৱীক। এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত জংগম্মাই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে।

অৱশ্যে যুৱতীগৰাকীৰ ডিঙিত হোৱা আঘাতৰ পৰা ভাৰ্গৱীক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে আশংকা কৰে। ইফালে নিহত যুৱতীগৰাকীৰ নাবালক ভাতৃয়ে হত্যাকাণ্ডৰ সাক্ষী হোৱা বুলি দাবী কৰি মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

কিশোৰটিয়ে আৰক্ষীৰ আগত নিজ মাতৃয়ে ভাৰ্গৱীক আক্ৰমণ কৰা দেখিবলৈ পোৱা বুলি আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰে। লক্ষণীয়ভাৱে এই হত্যাকাণ্ডৰ আঁৰত আন এক কাৰণ থকা বুলিও খবৰ পোহৰলৈ আহিছে।

সূত্ৰ অনুসৰি, জংগম্মাই কন্যা ভাৰ্গৱীৰ বিবাহৰ বাবে এজন যুৱকক পচন্দ কৰিছিল যদিও ভাৰ্গৱী মান্তি হোৱা নাছিল। এই কথাত জংগম্মা ক্ষোভিত হৈছিল আৰু দুয়োৰে মাজত বিবাদ হোৱা বুলিও জানিব পৰা গৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে অৱশ্যে কোনো মন্তব্য কৰা নাই। ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত চলাই থকা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।