NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতিভা প্ৰকাশ কৰি বিপদহে আহিল! বাহনক হেলিকপ্টাৰৰ ৰূপ দি আইনী ৰোষত ‘উদ্ভাৱক‘

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2024 7:43 pm
Man Modifies Car Into 'Chopper'

উত্তৰ প্ৰদেশৰ এজন ব্যক্তি। উদ্ভাৱনী চিন্তা, প্ৰতিভা আৰু উদ্যমী শক্তিৰে এই ব্যক্তিজনে নিজৰ বাহনখনক এক অভিনৱ ৰূপত সাজি উলিওৱাৰ পৰিকল্পনা কৰে। এই পৰিকল্পনাক তেওঁ সাকাৰ ৰূপো দিয়ে।

ব্যক্তিজনে অশেষ কষ্টৰে ২.৫০ লাখৰো অধিক টকা খৰচ কৰি নিজৰ বাহনখনক হেলিকপ্টাৰৰ ৰূপ দি লয়। বাহনখনৰ ওপৰ অংশত তেওঁ ৱেল্ডিঙৰ সহায়ত হেলিকপ্টাৰৰ দৰে পাংখা সংযোগ কৰাৰ লগতে পিছফালেও হেলিকপ্টাৰৰ অনুৰূপ কৰি গঢ় দি লয়।

নাম তেওঁৰ ঈশ্বৰ দীন। ইশ্বৰৰ পৰিকল্পনা আছিল, এই বাহনখনৰ জৰিয়তে তেওঁ ব্যৱসায় কৰিব; বিয়া বা অন্যান্য অনুষ্ঠানৰ বাবে যাতায়তৰ মাধ্যম হিচাপে বাহনখন ভাড়াত দিব। পিছে তেওঁৰ এই প্ৰচেষ্টা তথা পৰিকল্পনা পৰিল পানীত।

এই অভিনৱ উদ্ভাৱনৰ বাহনখনত ৰং কৰাৰ উদ্দেশ্যে গেৰেজলৈ গৈ থকা অৱস্থাতে যান-বাহন আৰক্ষীয়ে তেওঁক বাটতে ৰখায়। মটৰ গাড়ী আইনৰ অধীনত উপযুক্ত অনুমোদন অবিহনে বাহনখনক এনে ৰূপত গঢ়ি তোলাৰ বাবে তেওঁক জৰিমনা বিহা হয়।

তেওঁৰ এই অনন্য বাহনখনো আৰক্ষীয়ে জব্দ কৰে আৰু জৰিমনা পৰিশোধ কৰাৰ পিছত মুকলি কৰি দিয়ে। এই সন্দৰ্ভত ঈশ্বৰে কয় যে বিয়াৰ বতৰত কিছু অতিৰিক্ত ধন উপাৰ্জন কৰাৰ উদ্দেশ্যে তেওঁ এনেদৰে বাহনখনক গঢ় দি লৈছিল।

Brothers in UP's Ambedkar Nagar convert Maruti Suzuki Wagon R into a  helicopter, police seize the vehicle | Trending - Hindustan Times

আৰক্ষীয়ে ২০০০ টকাৰ চালান জাৰি কৰি গাড়ীৰ পিছফালৰ অংশ আঁতৰাবলৈ নিৰ্দেশ দিয়া বুলি ইশ্বৰে লগতে কয়। বাহনখন এনে ৰূপ দিয়াৰ বাবে ২.৫ লাখ টকা বিনিয়োগ কৰাৰ লগতে দিনে নিশাই কাম কৰা বুলি ইশ্বৰে লগতে কয়।

তেওঁ লগতে কয় যে বাহনখন কেৱল বিয়াৰ বতৰতহে ব্যৱহাৰ কৰাৰ উদ্দেশ্য আছিল; আন সময়ত পথত সাধাৰণকৈ চলাচল নকৰে। বিহাৰ আৰু প্ৰতাপগড়ৰ দৰে অন্যান্য অঞ্চলতো অনুৰূপ বাহন চলি থকাৰ কথাও তেওঁ আঙুলিয়াই দিয়ে।

এতিয়া আম্বেদকাৰ নগৰৰ এখন থানাৰ বাহিৰত পাৰ্কিং কৰি থোৱা ইশ্বৰৰ এই অভিনৱ সৃষ্টিৰ এটা ভিডিঅ‘ নেটিজেনৰ মাজত ব্যাপক চৰ্চাৰ কাৰণ হৈ পৰিছে। নেটিজেনে এই বাহনখনক লৈ নানা মন্তব্য কৰা পৰিলক্ষিত হৈছে।