NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা বৰপেটা সত্ৰত প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ; হোলী গীতেৰে মুখৰ সত্ৰনগৰী বৰপেটা

Posted by: পুলেন্দ্ৰ দাস, বৰপেটা Updated by: পুলেন্দ্ৰ দাস, বৰপেটা March 24, 2024 2:33 pm

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ “দৌল মহোৎসৱ”। পূৰ্বৰে পৰা সত্ৰীয়া ৰীতি- নীতি আৰু পৰম্পৰাৰে বৰপেটাত পালন কৰা হয় শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।

এই দৌল মহোৎসৱৰ লগত সংগতি ৰাখি পূৰ্বৰ দৰে এইবেলিও বৰপেটাৰ অগ্ৰণী ক্ৰিয়া আৰু সামাজিক অনুষ্ঠান ৰাইজিং ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয়  মুকলি পথত হোলী গীত প্ৰতিযোগিতা। প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে।

এই প্ৰতিযোগিতাখন বৰপেটা সত্ৰৰ পৰা আৰম্ভ হৈ উত্তৰ হাটীৰে ড০ বাণীকান্ত কাকতি পথেৰে পাঁচ আলি চ’ক হৈ ৰাইজিং ক্লাৱৰ বাকৰিত সামৰণি পৰে।

এই সময়ছোৱাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, বেহাৰবাৰী আউটপোষ্টৰ হাস্যৰসী অভিনেত্ৰী মণিৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি বৰপেটাৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰি অগণন পুৰুষ মহিলা, দল- সংগঠনে এই প্ৰতিযোগিতাখনত সহযোগিতা কৰে।

উল্লেখ্য যে, আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা দৌল মহোৎসৱ অহা ২৬ মাৰ্চত সামৰণি পৰিব। কাৰ্যসূচী অনুসৰি আজি গোন্ধ যাত্ৰা, কাইলৈ অৰ্থাৎ ২৫ মাৰ্চত ভৰদৌল আৰু ২৬ মাৰ্চত ফকুৱা অথবা “সুৱেৰী” ৷