NORTHEAST NOW (Assamese)
দেশ

হোলীৰ নামত উগ্ৰ হিন্দুত্ববাদীৰ উৎপাত : ফাকু লগোৱাৰ নামত অত্যাচাৰ মুছলমান পৰিয়ালক 

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 24, 2024 3:47 pm
হোলীৰ নামত উগ্ৰ হিন্দুত্ববাদীৰ উৎপাত : ফাকু লগোৱাৰ নামত অত্যাচাৰ মুছলমান পৰিয়ালক 

হোলীৰ নামত মছলমান পৰিয়ালক হাৰাশাস্তি কৰিছে একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে। উত্তৰ প্ৰদেশৰ বিজনোৰত সংঘটিত হৈছে এই সাম্প্ৰদায়িক কাণ্ড।

এটা মুছলমান পৰিয়ালক ৰং সানি হাৰাশাস্তি কৰা একাংশ অচিনাক্ত লোকৰ সন্ধানত নামি পৰিছে উত্তৰ প্ৰদেশৰ বিজনোৰ আৰক্ষী।

মটৰবাইকেৰে অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা এটা মুছলমান পৰিয়ালক লক্ষ্য কৰি একাংশ লোকে জোৰকৈ পানী ঢলাৰ লগতে ৰং সানিছে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই আক্ৰমণৰ সমগ্ৰ দৃশ্য।


ভিডিঅ’টোত থকা লোককেইজনে “জয় শ্ৰী ৰাম” শ্লোগান দি মুছলমান পৰিয়ালটোক লক্ষ্য কৰি ৰং আৰু পানিই নিক্ষেপ কৰে। 

আৰক্ষীয়ে জনোৱা মতে যোৱা ২০ মাৰ্চ, বুধবাৰে ধমপুৰ অঞ্চলত সংঘটিত হয় এই ঘটনা।

আৰক্ষী অধীক্ষকে এক বিবৃতিত কয় যে অঞ্চলটোৰ চক্ৰ বিষয়া (চি অ’)ক পৰিয়ালটোৰ সৈতে যোগাযোগ কৰি এফ আই আৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।