NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক ঘটনা! স্কুল মেলাত পদপিষ্ট হৈ ৩৫টা শিশুৰ মৃত্যু  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2024 10:21 am

নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ইবাডান চহৰত এখন স্কুল মেলাত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত ৩৫টা শিশুৰ কৰুণ মৃত্যু ঘটাৰ লগতে ৬জন গুৰুতৰভাৱে আহত হয়। বুধবাৰে এই কাণ্ড সংঘটিত হৈছে যদিও বৃহস্পতিবাৰে অয়’ ৰাজ্যিক আৰক্ষীৰ মুখপাত্ৰ আদেৱালে অচিফেছ’ই ঘটনাতো নিশ্চিত কৰে।

অয়’ ষ্টেট পুলিচ কমাণ্ডে জনোৱা মতে, এই কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত মেলাৰ মূল পৃষ্ঠপোষকো আছে।

উইংছ ফাউণ্ডেশ্যন আৰু আগিডিগবো এফ এম ৰেডিঅ’ৰ উদ্যোগত এই মেলা অনুষ্ঠিত কৰা হৈছিল। ঘটনা সন্দৰ্ভত ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগৰ হত্যাকাণ্ড বিভাগীয় শাখাই তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ কূটাঘাতৰ পৰিকল্পনা কৰা বাংলাদেশৰ সন্ত্ৰাসবাদী মডিউল উৎখাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

বুধবাৰে অয়’ ৰাজ্যৰ গৱৰ্ণৰ ছেই মাকিণ্ডে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ ছ’চিয়েল মিডিয়া এক্সত লিখিছে, ‘এই মৰ্মান্তিক ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছো। মই প্ৰাৰ্থনা কৰিছো, মৃতকৰ আত্মাই শান্তি লাভ কৰক।”

তেওঁ লগতে কয়, “যিসকল পৰিয়ালে নিজৰ সন্তান হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এই কৰুণ ঘটনা সকলোৰে বাবে এক অপূৰণীয় ক্ষতি।”

মেলাৰ মূল পৃষ্ঠপোষক আৰু আয়োজকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বচোৰুণ ইছলামিক হাইস্কুলত অনুষ্ঠিত হৈছিল এই মেলা।

লগতে পঢ়কঃ শীতকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়? কোন লক্ষণত লুকাই আছে বিপদ? জানক গৱেষণাৰ তথ্য

এই মৰ্মান্তিক ঘটনাৰ পিছত ৰাজ্য প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল আৰু কিয় এনে বৃহৎ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ল সেই সন্দৰ্ভত ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে।

এই ঘটনা নাইজেৰিয়াৰ ইতিহাসৰ এক কৰুণ অধ্যায় হৈ থাকিব। শিশুৰ উদযাপনৰ স্থান হ’ব লগা এখন আনন্দময় স্কুল মেলা নিমিষতে এক মৰ্মান্তিক দুৰ্ঘটনালৈ পৰিণত হ’ল।