• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কূটাঘাতৰ পৰিকল্পনা কৰা বাংলাদেশৰ সন্ত্ৰাসবাদী মডিউল উৎখাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 8:40 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বব্যাপী থকা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চোৰাংচোৱা ভিত্তিক দেশজোৰা অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে কেৰেলা আৰু পশ্চিম বংগ আৰক্ষীৰ ঘনিষ্ঠ সমন্বয়ৰে কূতাঘাতৰ পৰিকল্পনা কৰা সন্ত্ৰাসবাদী মডিউল এটা উৎখাত কৰে।

মঙলবাৰ আৰু বুধবাৰৰ মাজৰ নিশাটোত কেৰালা, পশ্চিম বংগ আৰু অসমত একেলগে চলোৱা অভিযানৰ সময়ত এছটিএফে ভাৰতীয় উপমহাদেশৰ আল কায়দাৰ সংযুক্ত সংগঠন (একিউআইএছ)ৰ সহযোগী আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ ৮ জন কৰ্মীক গ্ৰেপ্তাৰ কৰে ৷ অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে এক বিবৃতিত এই কথা সদৰী কৰে।

Apply Now

এই সন্ত্ৰাস মডিউলে সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ অসম আৰু পশ্চিম বংগত শ্লীপাৰ চেল স্থাপনৰ কাম কৰি আছিল। বিবৃতিটোত লগতে কোৱা হৈছে যে ইয়াৰে এজন সদস্য বাংলাদেশী নাগৰিক এম ডি ছাদ ৰাদি ওৰফে এম ডি শ্বাব শ্বেখক কেৰালাত গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে আন দুজন অপাৰেটিভ পশ্চিম বংগৰ আৰু বাকী পাঁচজন অসমৰ। ‘অপাৰেচন প্ৰঘাত’ কোডনামৰ এই অভিযানৰ নেতৃত্বত আছিল এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্ত।

ইয়াত লগতে কোৱা হৈছে যে আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী জাছিমুদ্দিন ৰহমানিৰ ঘনিষ্ঠ সহযোগী  এম ডি ফাৰহান ইছৰাক নামৰ এজনৰ নিৰ্দেশনাত এদল ব্যক্তিয়ে গোপনে ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপৰ সন্দৰ্ভত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰিছিল।

তেওঁলোকৰ কুৎসিত মতাদৰ্শ প্ৰচাৰ আৰু সমগ্ৰ দেশতে শ্লীপাৰ চেল স্থাপনৰ বাবে বাংলাদেশী নাগৰিক এম ডি ছাদ ৰাডীক চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল ।

একে উদ্দেশ্যেৰে কেৰালালৈ যোৱাৰ পূৰ্বে তেওঁ অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰি এবিটিৰ শ্লীপাৰ-চেলৰ কৰ্মীসকলক লগ কৰিছিল বুলিও লগতে কোৱা হৈছে।

ধৃত আন আন অপাৰেটিভ কেইজন হ’ল মিনাৰুল শ্বেখ বয়স ৪০, মোড আব্বাছ আলী বয়স ৩৩ (দুয়োজন পশ্চিম বংগৰ বাসিন্দা), নুৰ ইছলাম মণ্ডল (৪০), আব্দুল কৰিম মণ্ডল (৩০), মজিবৰ ৰহমান (৪৬), হামিদুল ইছলাম (৩৪) আৰু এনামুল ৷

গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ পৰা জব্দ কৰা আপত্তিজনক নথি-পত্ৰ আৰু মোবাইল ফোনৰ সৈতে  কাৰিকৰী প্ৰমাণসমূহে যোৱা দুমাহ ধৰি বাংলাদেশ আৰু পাকিস্তান ভিত্তিক সূত্ৰসমূহৰ সৈতে সীমান্তৰ সিপাৰে তেওঁলোকৰ অবিৰত যোগাযোগৰ ইংগিত দিয়ে বুলিও ইয়াত লগতে কোৱা হৈছে।

এই শ্লীপাৰ চেলসমূহৰ উদ্দেশ্য আছিল গোপন অপাৰেচনেল ইউনিট হিচাপে কাম কৰা, যিবোৰ বিধ্বংসী আৰু হিংসাত্মক কাৰ্য্যকলাপৰ বাবে সাজু আছিল আৰু শান্তি বিঘ্নিত কৰাৰ লগতে জীৱন আৰু সম্পত্তি ধ্বংসৰ জৰিয়তে সন্ত্ৰাস সৃষ্টি কৰা।

ইয়াত লগতে কোৱা হৈছে যে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলে এম ডি ছাদ ৰাডীক তেওঁৰ অভিযানত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যি একেধৰণৰ মৌলবাদী মতাদৰ্শৰ অংশীদাৰ বা আকৃষ্ট ব্যক্তিক চিনাক্ত কৰি নিযুক্তি আৰু প্ৰশিক্ষণ প্ৰদান কৰিছিল।

স্থানীয় বিচ্ছিনতা, ধৰ্মীয় আৱেগ আৰু বিভাজনকামীক আকৰ্ষণ কৰি তেওঁলোকে নিজৰ সংগঠনৰ প্ৰসাৰৰ লক্ষ্যৰ প্ৰতি আনুগত্যশীল হৈ ৰাডাৰৰ তলত কাম কৰিব পৰাকৈ এটা নেটৱৰ্ক গঢ়ি তোলা আৰু ভাৰতত সন্ত্ৰাস আৰু বিশৃংখলতা সৃষ্টি কৰাৰ লক্ষ্য লৈছিল বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd