প্ৰকাশ পালে আই পি এলৰ সম্পূৰ্ণ সূচীঃ ২৬ মে‘ত চেন্নাইত হ’ব খিতাপ যুঁজ

যোৱা ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে বিশ্বৰ ভিতৰতে ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে ইতিপূৰ্বে প্ৰতিযোগিতাখনৰ অৰ্ধাংশৰ সময়সূচী ঘোষণা কৰিছিল।
আজি ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ ছিজনৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰে। লোকসভা নিৰ্বাচনৰ পৰিপেক্ষিতত দ্বিতীয়াংশ ভাৰতৰ পৰা স্থানান্তৰিত হ’ব বুলি চৰ্চা চলিছিল যদিও আাজিৰ ঘোষণাই তেনে চৰ্চাৰ অন্ত পেলায়।
বিচিচিআইয়ে আজি প্ৰকাশ কৰা সময়সূচীয়ে সমগ্ৰ প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিছে। প্ৰথম সূচী অনুসৰি ৭ এপ্ৰিললৈকে মেচ নিৰ্ধাৰণ কৰা হৈছিল। এতিয়া ৮ এপ্ৰিলৰ পৰাই দ্বিতীয় ভাগ আৰম্ভ হ’ব।
অহা ২১ আৰু ২২ মে’ত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম কোৱালিফায়াৰ আৰু এলিমিনেটৰ মেচ। চেন্নাইৰ চেপক ষ্টেডিয়ামত ২৪ মে’ত দ্বিতীয় কোৱালিফায়াৰ অনুষ্ঠিত হ’ব ।
চেপকতে ২৬ মে’ত অনুষ্ঠিত হ’ব ফাইনেল। দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন মেচত চেপকত মুখ্মুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই চুপাৰ কিংছ। ইফালে ঘৰুৱা খেলপথাৰ হিচাপে গুৱাহাটীত দুখন মেচ।
ঘোষিত সূচী অনুসৰি ১৫ মে’ত পঞ্জাৱ কিংছ আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে গুৱাহাটীত অৱতীৰ্ণ হ’ব ৰাজস্থান। লক্ষণীয়ভাৱে ১৯ মে‘ৰ মেচখনেই হ’ব ছিজনৰ অন্তিমখন লীগ খেল।