NORTHEAST NOW (Assamese)
অসম

গৌৰৱ গগৈৰ মনোনয়ন দাখিলঃ বহু নেতা-সমৰ্থক সহিতে প্ৰদৰ্শন কৰিলে শক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2024 4:55 pm
Gaurav Gogoi

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ ভিতৰতে আটাইতকৈ চৰ্চিত সমষ্টি হৈ পৰিছে যোৰহাট সংসদীয় সমষ্টি।

যোৰহাটৰ বৰ্তমানৰ সাংসদ তপন গগৈৰ বিপক্ষে সমষ্টিটোত নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ‘ব লোকসভাৰ বিৰোধী উপ-নেতা গৌৰৱ গগৈ।

স্বাভাৱিকতেই এনে পৰিস্থিতিত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যোৰহাটৰ ৰাজনৈতিক যুঁজৰ ছবি।

সমষ্টিটোত নিৰ্বাচনী ৰণদুন্দুভি বজাই আজি বিপুল সমৰ্থকেৰে পৰিৱিষ্ট হৈ শকি প্ৰদৰ্শন কৰি মনোনয়ন দাখিল কৰে গৌৰৱ গগৈয়ে।

May be an image of 4 people, speaker and crowd

কংগ্ৰেছ নেতাগৰাকীক মনোনয়ন দাখিলৰ সময়ত দলৰ সভাপতি ভূপেন বৰা, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনসহ কেইবাজনো কংগ্ৰেছ নেতাই সংগ দিয়ে।

লগতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু চিপিআইৰ নেতা কনক গগৈয়েও গৌৰৱ গগৈৰ লগত উপস্থিত থাকি মনোবল বৃদ্ধি কৰে।

মনোনয়ন দাখিল কৰি গৌৰৱ গগৈয়ে এই মনোনয়নে পৰিৱৰ্তন আৰু উন্নয়নৰ বাবে আগ্ৰহী অসমৰ যুৱক-যুৱতী, মহিলা, প্ৰান্তীয়, কৃষক আৰু প্ৰতিজন কঠোৰ পৰিশ্ৰমী ব্যক্তিৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে বুলি সামাজিক মাধ্যম যোগে মন্তব্য কৰে।