NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত হৈছে কি! এইবাৰ দল এৰিলে গৌৰৱ সোমানীয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 30, 2024 8:11 pm

ইজনৰ পিছত সিজনকৈ নেতাই এৰিব লাগিছে কংগ্ৰেছ দল। ভৰত নৰহ, মানস বৰাৰ পিছত এইবাৰ দল এৰিছে কংগ্ৰেছৰ সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ সভাপতি গৌৰৱ সোমানীয়ে ।

সোমানীয়ে পদত্যাগ কৰাৰ প্ৰধান কাৰণ হৈছে বৰ্তমান অসম কংগ্ৰেছৰ ভিতৰত থকা “অসন্তুষ্টিজনক নেতৃত্ব”। 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী ভূপেন বৰালৈ লিখা এখন পত্ৰত সোমানীয়ে লিখিছে, “মোৰ সিদ্ধান্তৰ এটা প্ৰধান কাৰণ হৈছে বৰ্তমানৰ দলৰ অসন্তুষ্টিজনক নেতৃত্ব আৰু ৰাজ্যৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ ফলপ্ৰসূভাৱে উত্থাপন কৰাৰ ক্ষেত্ৰত থকা বিফলতা।

উল্লেখ্য যে  ইয়াৰ পূৰ্বে অসম চৰকাৰত হিন্দীভাষী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সোমানীয়ে তৃণমূল পৰ্যায়ৰ পৰাই কংগ্ৰেছ দলত নিজকে প্ৰতিষ্ঠা  কৰিছিল। 

সূত্ৰ অনুসৰি সোমানীয়ে অতি সোনকালে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে।