NORTHEAST NOW (Assamese)
অসম

এভাৰেষ্ট আৰোহণ যাৰ বাবে এক নিচা : অভিলেখসংখ্যক ২২ বাৰ বিশ্বৰ শিখৰত নেপালৰ কামি চেৰ্পা

Posted by: এন ই নাও নিউজ May 16, 2018 6:04 pm
sherpa kami-rita of nepal

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ অভিজ্ঞতাসম্পন্ন ব্যক্তিত পৰিণত হৈছে নেপালৰ ৪৮ বছৰীয়া কামি চেৰ্পা ( Kami Sherpa )। কাথমান্দু প’ষ্টৰ প্ৰতিবেদন অনুসৰি অভিলেখসংখ্যক ২২ বাৰ এভাৰেষ্ট আৰোহণ কৰি ১৬ মে’ত চেৰ্পাই গঢ়িছে এই অনন্য অভিলেখ।

পৰ্বতাৰোহণ বিষয়ববীয়াৰ মতে আজি পুৱা ৮.৩০ বজাত চেৰ্পাই ২২ সংখ্যক বাৰৰ বাবে শৃংগটো আৰোহণ কৰে। বৃহস্পতিবাৰেহে তেওঁ শৃংগটোৰ শিখৰত উপনীত হোৱাৰ কথা আছিল যদিও সকলোকে আচৰিত কৰি এদিন আগতেই চেৰ্পাই লক্ষ্যস্থান পাবলৈ সক্ষম হয়।

ইতিমধ্যে অৱসৰ লোৱা আপা চেৰ্পা আৰু ফুৰ্বা তাচি চেৰ্পাৰ ২১ বাৰ এভাৰেষ্ট আৰোহণৰ অভিলেখ ভাঙি চেৰ্পাই এই নতুন অভিলেখ গঢ়িছে। অৱশ্যে এভাৰেষ্ট বে’ছ কেম্পে কেথমান্দু প’ষ্টক জনোৱা মতে ফুৰ্বা তাচিয়ে পুনৰ এভাৰেষ্ট আৰোহণৰ চেষ্টা কৰাৰ সম্ভাৱনা আছে।

১৯৯৪ চনত ২৪ বছৰ বয়সত কামি চেৰ্পাই প্ৰথমবাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰিছিল।