NORTHEAST NOW (Assamese)
Popular Stories

মাজুলীত জুবিনৰ প্ৰশ্ন : মানুহক লৈ চৰকাৰে আমদানি-ৰপ্তানিৰ বেহা কৰে নেকি?

Posted by: মিটু খাটনিয়াৰ May 17, 2018 1:41 pm
Zubeen Garg

মানুহক লৈ চৰকাৰে আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰে নেকি? এই প্ৰশ্ন যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গৰ। বিজেপি চৰকাৰে অসমলৈ হিন্দু বাংলাাদেশী আনিব খোজা নীতিৰ বিৰুদ্ধে সৰৱ জুবিনে কালি মাজুলীত এই মন্তব্য কৰে।

মাজুলী গড়মূৰ মিনি ষ্টেডিয়ামত দুদিনিয়াকৈ অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ কালিৰ সাংস্কৃতিক সন্ধিয়াৰ সকলোৰে আকৰ্ষণৰ বিন্দু জুবিন গাৰ্গে ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি সকলো মাৰ বান্ধি থিয় হব লাগিব’ বুলি আহ্বান জনায়।

তেওঁ আৰু কয়, ‘আমিটো বাংলাদেশত কিবা কৰিবলৈ যোৱা নাই। সিহতক অসমত কিয়? তাতকৈ বাংলাদেশকে চৰকাৰে লৈ লব লাগে। তেতিয়া আমিও সিহতৰ মাটিত কাম-বন কৰিব পাৰিম।’

আনহাতে প্ৰিয় শিল্পীগৰাকীক চাবলৈ কালি নিশা মাজুলীত জনসমুদ্ৰৰ সৃষ্টি হৈছিল। সমুদ্ৰত সুৰৰ লহৰ। জুবিনৰ কণ্ঠত ইটোৰ পিছত সিটোকৈ মায়াময় গীত। মানুহজনৰ হাজাৰ হাজাৰ গুণমুগ্ধৰ মুখত এটাই মাথোঁ নাম জুবিন.. জুবিন.. জুবিন!

মায়া, অনামিকাৰ পৰা আৰম্ভ কৰি মিচন চাইনালৈকে তেখেতৰ সুৰীয়া সাংগীতিক যাত্ৰাৰ নিৰ্বাচিত গীত-সুৰৰ মায়াজালেৰে সংগীত প্ৰেমিৰ হৃদৰ জয় কৰি পুৱতি নিশালৈকে গীত পৰিবেশন কৰে জুবিনে।

গীতৰ অনুষ্ঠানৰ মাজতে জুবিনে কৈ উঠিল ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জীৱনজুৰি মাজুলীবাসী সন্মুখীন হৈ অহা সমস্যাসমূহ কিছু লাঘব হবলৈকে মাজুলীবাসীক এখন দলং লাগে । ৰোগীসকলৰ যি যান্ত্ৰনা সেইয়া হৃদয়বিদাৰক।’

মাজুলীক লৈ গোৱা ‘মাজুলীত এজনী ছোৱালীয়ে দূখ পালে’ গানটো দৰ্শকৰ লগত তালে তালে গাই এই গান মৰাৰ আগমুহুৰ্তলৈ গাই যাব বুলি কৈ আবেগিক হৈ পৰে জুবিন। জুবিনৰ লগত সংগত কৰে ঋত্বিশাই।