NORTHEAST NOW (Assamese)
দেশ

কৰ্ণাটকৰ বিধায়ক এইচ ডি ৰেভান্নাক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2024 5:55 pm

কৰ্ণাটকৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাক আদালতে অপহৰণৰ গোচৰত ১৪ মে’লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এইচ ডি ৰেভান্নাই পুত্ৰ প্ৰাজ্জ্বল ৰেভান্নাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী মহিলাক অপহৰণ কৰাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে।

বিধায়কগৰাকীৰ পুত্ৰ তথা সাংসদ প্ৰাজ্জ্বল ৰেভান্নাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন কৰি পুত্ৰৰ অভিযোগৰ ভিত্তিত এগৰাকী মহিলাক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাছত বিশেষ তদন্তকাৰী দলৰ জিম্মাত আছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।