NORTHEAST NOW (Assamese)
অসম

CAAৰ অধীনত গৃহ মন্ত্ৰালয়ে আৰম্ভ কৰিছে নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া; ১৪ জনক দিয়া হ’ল দেশৰ নাগৰিকত্ব

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 16, 2024 10:59 am

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন অনুসৰি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া লোকসভা নিৰ্বাচনৰ সময়ত আৰম্ভ কৰিছে।

বুধবাৰে ১৪জন লোকক প্ৰদান কৰা হ’ল দেশৰ নাগৰিকত্ব। দিল্লীত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই লোককেইজনক ‘কা’ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা দেশলৈ অহা অমুছলমান শৰণাৰ্থীক কোনো নথিপত্ৰ অবিহনে নাগৰিকত্ব প্ৰদানৰ বাবে এই আইনখন প্ৰণয়ন কৰা হৈছিল।

মুছলমান প্ৰধান দেশ তিনিখনৰ তালিকাভুক্ত সংখ্যালঘু সম্প্ৰদায়ৰ ভিতৰত আছে হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান।

যদিও এই আইনখন ২০১৯ চনৰ ডিচেম্বৰ মাহত গৃহীত হৈছিল, তথাপিও যোৱা মাৰ্চ মাহতহে কা’ৰ নিয়ম প্ৰণয়ন কৰা হৈছিল।

বুধবাৰে ভাৰতৰ মহাপঞ্জীয়ক, চোৰাংচোৱা সংস্থা আই বিৰ সঞ্চালকৰ লগতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াসকলো নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে।