NORTHEAST NOW (Assamese)
Popular Stories

Microplastics in Testicles: সভ্যতাৰ অভিশাপ! অণ্ডকোষত জমা হৈছে প্লাষ্টিকৰ টুকুৰা; ক্ৰমান্বয়ে শুক্ৰাণুহীন হৈ পৰিছে পুৰুষ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 24, 2024 3:08 pm

সমগ্ৰ বিশ্বতে পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পাইছে। সন্তান জন্ম দিবলৈ দম্পতীয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। কমি আহিছে প্ৰজনন ক্ষমতা। ইয়াৰ বাবে উদ্বিগ্ন হৈ পৰিছে চিকিৎসা বিজ্ঞানীসকল। বিশেষকৈ চীন, দক্ষিণ কোৰিয়া, জাপান, ইউৰোপীয় দেশত জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। আজিৰ যুৱক-যুৱতীসকলে বিবাহৰ প্ৰতি অনীহা প্ৰকাশ কৰিবলৈ লৈছে।

বাতৰি অনুসৰি, পুৰুষৰ অণ্ডকোষত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। ইয়াৰ বাবেই গৱেষকসকলে আশংকা কৰিছে যে পুৰুষৰ প্ৰজনন ক্ষমতাৰ ক্ষতি হৈছে। এই তথ্য শেহতীয়াকৈ জাৰ্নেল অৱ টক্সিক’লজিকেল চাইন্সত প্ৰকাশিত এক গৱেষণা প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে। আমেৰিকাৰ নিউ মেক্সিকো বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এই অধ্যয়ন চলাইছিল।

ইফালে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে, গৱেষকসকলে ২৩ জন লোক আৰু ৪৭ টা পোহনীয়া কুকুৰৰ অণ্ডকোষৰ কলা (টিছু)সংগ্ৰহ কৰি পৰীক্ষা কৰিছে। ইয়াৰ পৰা দেখা যায় যে প্ৰতিটো নমুনাতে মাইক্ৰ’প্লাষ্টিক আছে। কেৱল সেয়াই নহয়, আচৰিত কথাটো হ’ল মানুহৰ অণ্ডকোষত কুকুৰতকৈ তিনিগুণ বেছি মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে।

লগতে পঢ়কঃ দেশত ১ জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ নিয়ম নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই; কি আছে নতুন নিয়মত?

কুকুৰৰ অণ্ডকোষত প্ৰতি গ্ৰাম কলাত ১২২.৬৩ মাইক্ৰ’গ্ৰাম প্লাষ্টিক পোৱা গৈছে যদিও মানুহৰ অণ্ডকোষত ৩২৯.৪৪ মাইক্ৰ’গ্ৰাম প্লাষ্টিক পোৱা গৈছে।

কীটনাশকৰ দৰে ৰাসায়নিক প্ৰদূষণেও দশক দশক ধৰি পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰি আহিছে। শেহতীয়াকৈ মানুহৰ তেজ, প্লেচেণ্টা আৰু মাতৃদুগ্ধতো এই মাইক্ৰ’প্লাষ্টিক আৱিষ্কাৰ কৰা হৈছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ মানৱ শৰীৰত পৰিবলৈ আৰম্ভ কৰিছে। যদিও স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ এতিয়াও জানিব পৰা হোৱা নাই, তথাপিও পৰীক্ষাগাৰত মাইক্ৰ’প্লাষ্টিকে মানুহৰ কোষৰ ক্ষতি কৰা দেখা গৈছে। কিন্তু গৱেষকসকলে কয় যে মাইক্ৰ’প্লাষ্টিকসমূহে শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে বুলি প্ৰমাণ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।

মূলতঃ বিজ্ঞানীসকলে ২০১৬ চনত মৰণোত্তৰ পৰীক্ষা কৰা একাংশ মৃত লোকৰ পৰীক্ষা বিশ্লেষণ কৰিছিল। মৃত্যু হোৱা সেই লোকসকলৰ বয়স ১৬ৰ পৰা ৮৮ বছৰৰ ভিতৰত আছিল। গৱেষণাৰ জৰিয়তে তেওঁলোকে এতিয়ালৈকে মানুহ আৰু কুকুৰৰ অণ্ডকোষত ১২ প্ৰকাৰৰ প্লাষ্টিক চিনাক্ত কৰিছে। এই প্লাষ্টিকবোৰৰ ভিতৰত আটাইতকৈ বেছি আছিল পলিথিন।

গৱেষক দলটোৰ নেতৃত্ব দিয়া জিয়াওঝং ইউৱে কয় যে তেওঁলোকে ইতিমধ্যে মানুহৰ অণ্ডকোষত প্লাষ্টিক থকাৰ সন্দেহ কৰিছে। অৱশ্যে ইয়াৰ পৰিমাণ ইমান বেছি হ’ব বুলি তেওঁলোকে কল্পনা কৰা নাছিল।

লগতে পঢ়কঃ ক্ৰিকেটৰ শিশু আমেৰিকাৰ হাতত লজ্জাজনক পৰাজয়; টী-২০ শৃংখলাত মুখথেকেচা বাংলাদেশৰ

তেওঁৰ মতে এইদৰে প্লাষ্টিক প্ৰদূষণ বাঢ়ি থাকিলে মানুহৰ প্ৰজনন ক্ষমতা ক্ৰমান্বয়ে কমি যাব। তেওঁ কয় যে শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণো ইয়াৰ কাৰণ হ’ব পাৰে। সেয়েহে মাইক্ৰ’প্লাষ্টিক পৰৱৰ্তী প্ৰজন্মৰ বাবে এক ডাঙৰ সমস্যা হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে।

বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা পৰিৱেশত পেলাই দিয়া হয়। এই মাইক্ৰ’প্লাষ্টিকবোৰে মাউণ্ট এভাৰেষ্টৰ শিখৰৰ পৰা গভীৰতম মহাসাগৰলৈকে সমগ্ৰ গ্ৰহটোক প্ৰদূষণ কৰি আছে। মানুহকে ধৰি বিভিন্ন জীৱ-জন্তুৱে খাদ্য-পানীৰ লগতে উশাহ-নিশাহৰ জৰিয়তেও এই ক্ষুদ্ৰ কণাবোৰ গ্ৰহণ কৰি আছে।