NORTHEAST NOW (Assamese)
Popular Stories

অভাৱ হৈছিল মাটিৰ : মন্দিৰ নিৰ্মাণৰ বাবে মছজিদৰ মাটি দান কৰিলে মুছলমান সমাজে  

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 27, 2024 8:30 pm

তামিলনাডুৰ তিৰুপুৰ জিলাৰ অট্টাপালায়ম গাঁৱত সংঘটিত হৈছে এই ঘটনা। মন্দিৰ সাজিবলৈ মছজিদৰ মাটি দান কৰিছে গাঁওখনৰ মুছলমান সম্প্ৰদায়ৰ লোকে।

উক্ত গাঁৱৰ গোলাপ বাগান অঞ্চলত প্ৰায় ৩০০ পৰিয়াল বসবাস কৰে। তাত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ে বাস কৰে। দীৰ্ঘদিন ধৰি দুয়োটা সম্প্ৰদায়ৰ লোকে মিলিজুলি বসবাস কৰি আহিছে।

গাঁওখনত নামাজ পঢ়িবৰ বাবে মুছলমান সকলৰ বাবে বিশাল ভূমিত এটা মছজিদ আছে যদিও হিন্দু সকলৰ উপাসনাৰ বাবে কোনো মন্দিৰ নাই গাঁওখনত। গাঁৱৰ সকলোৱে এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল যদিও মাটিৰ অভাৱত সেয়া হৈ উঠা নাছিল।

শেষত এই সমস্যা সমাধান কৰিলে গাঁৱখনৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে। মছজিদৰ মাটিৰ পৰা তিনিশ একৰ মাটি মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিলে মুছলমান সমাজে। সেই মাটিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬ লাখ টকা। মাটিখিনি পোৱাৰ পিছত তাতেই মন্দিৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ হয়।

অৱশেষত মন্দিৰ নিৰ্মাণৰ সকলো কাম সম্পূৰ্ণ কৰাৰ পিছত কালি অট্টাপলামৰ গণেশ মন্দিৰটো উদ্বোধন কৰা হয়। বহু প্ৰত্যাশিত এই মন্দিৰটো মুকলি কৰাৰ সময়ত হিন্দু-মুছলমান উভয় সমাজতেই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

গাঁওখনৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে শোভাযাত্ৰা কৰি মন্দিৰত উপস্থিত হয়। হিন্দুসকলেও মন্দিৰলৈ অহা মুছলমানসকলক মালা পিন্ধাই আদৰণি জনায়।