NORTHEAST NOW (Assamese)
দেশ

কটা ঘাঁত মলম! চৰ খোৱাৰ পিছত লগ পাই কংগনাক সাৱটি ধৰিলে চিৰাগ পাছৱানে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 7, 2024 4:40 pm

এতিয়াও সামকটা নাই বৃহস্পতিবাৰে চণ্ডীগড়ত কংগনা ৰাণাওটক এগৰাকী চি আই এছ এফৰ জোৱানে চৰ মৰাৰ ঘটনাৰ চৰ্চা। এই ঘটনাৰ পিছত শুকুৰবাৰে আন এখন ছবিয়ে চৰ্চা লাভ কৰিবলৈ ধৰিছে।

শুকুৰবাৰে দিল্লীত কংগনাক দেখা পায়েই সাৱটি ধৰিলে ছিৰাগ পাছৱানে।

উল্লেখ্য যে ছিৰাগ পাছৱানো এগৰাকী সাংসদ।  লোক জনশক্তি দলৰ হৈ ৰাম বিলাস সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পাছৱানে। ইয়াৰ উপৰিও পূৰ্বে এখন ছবিত একেলগে লগে কাম কৰিছিল কংগনা ৰাণাওট আৰু ছিৰাগ পাছৱানে। ‘মিলে না মিলে হাম’ নামৰ হিন্দী ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ছিৰাগ পাছৱানে আৰু নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল কংগনা ৰাণাওটে।  তেতিয়াৰে পৰা দুয়োৰে মাজত ভাল বন্ধুত্ব আছে বুলি জনা যায়।

পুৰণি বন্ধুক দেখা পাই আৱেগ ৰখাব নোৱাৰিলে। শুকুৰবাৰে দিল্লীত কংগনাক দেখা পায়েই সাৱটি ধৰিলে ছিৰাগ পাছৱানে। লগতে সুদক্ষ আৰু সাহসী ৰাজনীতিক বুলিও কংগনাক প্ৰশংসা কৰে ছিৰাগে।