NORTHEAST NOW (Assamese)
অসম

ফ্ৰেন্স অ’পেনৰ নতুন চাঞ্চল্য আলকাৰাজ! জাৰ্মানীৰ জেৰেভক পৰাস্ত কৰি খিতাপ স্পেইনৰ তাৰকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2024 11:40 am

ৰাফেল নাডালে নোৱাৰিলে যদিও কাৰ্লোছ আলকাৰাজে পাৰিলে। নাডাল হৈছে আলকাৰাজৰ গুৰু, তেওঁৱেই যেন ফ্ৰেন্স অ’পেনৰ নতুন নাডাল। দীৰ্ঘদিন ধৰি ৰ’লেণ্ড গাৰোত একচ্ছত্ৰী আধিপত্য বিস্তাৰ কৰা নাডালে এইবাৰ আলেকজেণ্ডাৰ জেৰেভৰ হাতত পৰাজিত হৈ প্ৰথম ৰাউণ্ডত বিদায় লয়।

দেওবাৰে ফাইনেলত সেই জেৰেভক পৰাস্ত কৰি প্ৰতিশোধ ল’লে শিষ্য আলকাৰাজে। প্ৰায় পাঁচ ঘণ্টাৰ যুঁজত তেওঁ জাৰ্মানীৰ জেৰেভক ৬-৩, ২-৬, ৫-৭, ৬-১, ৬-২ ছেটত পৰাস্ত কৰে।

যদিও খেলখন বৰ উত্তেজনাপূৰ্ণ আছিল, তথাপিও ২৪ বছৰীয়া আলকাৰাজে দেখুৱালে যে তেওঁৱেই এইবাৰ পুৰুষৰ টেনিছত শাসন কৰিব।

লগতে পঢ়কঃ ICC T-20 World Cup: কম ৰান কৰিও দুৰ্দান্ত বলিঙেৰে পাকিস্তানক পৰাস্ত কৰি ইতিহাস দোহাৰিলে ভাৰতে

দুয়োগৰাকী যুৱ তাৰকাই প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল। প্ৰথম ছেট জয় কৰাৰ পিছত স্পেনিছ তাৰকাগৰাকীয়ে একেৰাহে ২টা ছেটত পৰাস্ত হয়। তাৰ পিছত পৰাজয়ৰ মুখৰ পৰা আলকাৰাজৰ অসাধাৰণ প্ৰত্যাৱৰ্তন ঘটে। সেই সময়ত জেৰেভে নিজৰ স্নায়ু চাপ ধৰি ৰাখিব পৰা নাছিল।

চেম্পিয়ন হ’বলৈ আলকাৰাজে শেষৰ দুটা ছেট জিকিবলগীয়া হৈছিল, যিটো তেওঁ কৰি দেখুৱাইছিল। অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত জেৰেভৰ হাতত পৰাস্ত হোৱাৰ পিছত সেই একেজন প্ৰতিদ্বন্দ্বীকে ৰঙা দলিচাৰ কোৰ্টত পৰাস্ত কৰি চমক দেখুৱালে আলকাৰাজে।