• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC T-20 World Cup: কম ৰান কৰিও দুৰ্দান্ত বলিঙেৰে পাকিস্তানক পৰাস্ত কৰি ইতিহাস দোহাৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2024 7:35 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট যুঁজ মানে অন্য এক আৱেগ। যাৰ লগত আন দহটা মেচৰ অনুভৱ কোনো কাৰণতে খাপ নাখায়। বহু ইতিহাস, বহু কাহিনী ভাৰত-পাক মহাৰণৰ লগত জড়িত। আনকি বিশ্বকাপতো দেখা যায় ৰুদ্ধশ্বাস যুঁজ। তাত সদায় আধিপত্য বিস্তাৰ কৰিছিল ভাৰতে। আনকি টী-২০ বিশ্বকাপতো ইমানদিন টীম ইণ্ডিয়া আগবাঢ়ি আছিল।

দেওবাৰে বেটিং ব্যৰ্থ হোৱাৰ পিছতো শেষত খেলখনত জয়লাভ কৰে ভাৰতে। সৌজন্যত বুমৰাহৰ দুৰ্দান্ত বলিং। হাৰ্দিকো সঠিক সময়ত উজলি উঠিল।

দেওবাৰে ‘সুযোগ’ক লৈ ৰোহিতৰ অলপ চিন্তিত হৈ পৰিছিল। সহজ নাছিল যদিও তেওঁলোকে টী-২০ বিশ্বকাপত  ৭-১ ব্যৱধানৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। সকলো তেওঁলোকৰ সৈতে আছিল। পূৰ্বৰ খেলখনত ছুপাৰ অভাৰত দুৰ্বল ইউ এছ এৰ হাতত পৰাস্ত হৈছিল পাকিস্তান।

Apply Now
ফটো সৌজন্যঃ বিচিচিআই।

তেওঁলোকৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে বাৰে বাৰে সমালোচনাৰ সন্মুখীন হয়। প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ ভয়টোৱেও খেদি ফুৰিছিল। আনহাতে, আয়াৰলেণ্ডক সহজেই পৰাস্ত কৰে ৰোহিত বাহিনীয়ে। দেওবাৰে ভাৰতে সুযোগৰ সদ্ব্যৱহাৰ কৰে। পাকিস্তানে পুনৰ শেষ মুহূৰ্তত চাপ চম্ভালিব নোৱাৰিলে।

মেচখনৰ আগলৈকে বৰষুণ দি আছিল। খেলখন এঘণ্টাৰো অধিক সময় পিছুৱাই গৈছিল। বাবৰ আজমে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এটা অভাৰৰ পিছত আকৌ বৰষুণ দিয়ে। তাৰ পিছতে মেচৰ ৰং সলনি হ’ল।

ফটো সৌজন্যঃ বিচিচিআই।

নাছাউ ষ্টেডিয়ামৰ খেলপথাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। যুদ্ধকালীন তৎপৰতাৰে আইচিচিয়ে খেলপথাৰখন ঠিক কৰি দিছিল। ফলত খেলপথাৰত কোনো অতিৰিক্ত বিপদৰ সৃষ্টি নহ’ল। বৰঞ্চ আমিৰ, ৰাউফ বাহিনীৰ ছুইংয়ে অস্থিৰ কৰি তোলে ভাৰতীয় বেটিং। ৰোহিত আৰু বিৰাটে পুনৰ দুই অভাৰৰ ভিতৰতে উভতি গ’ল। বাকীসকলে পুনৰ বুজাই দিলে যে ভাৰতীয় দলটো এই দুই মহাতাৰকাৰ ওপৰত কিমান নিৰ্ভৰশীল।

১৯ ৰানতে ২ টা উইকেট হেৰুৱায় ভাৰতে। তাৰ পৰাই ঋষভ আৰু অক্ষৰ পেটেলৰ যুটিয়ে দলটোক পুনৰ ছন্দলৈ অনাৰ চেষ্টা চলাইছিল। কিন্তু যেতিয়া নাছিম শ্বাহে আক্রমণলৈ ঘূৰি আহিল, তেতিয়া অক্ষৰে (২০) ক্লিন বল্ড হৈ উভতিল৷

ফটো সৌজন্যঃ বিচিচিআই।

ইয়াৰ পিছত কেৱল বেটাৰৰ অহা-যোৱা। সূৰ্যকুমাৰ (৭) জাদেজা (০), শিৱম (৩) সকলো বিফল। আনকি ঋষভ পন্থেও কিছু মুখ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৱো ৪২ ৰানেৰে উভতি আহিল। আই পি এলৰ পাছতো বেটৰ সৈতে নিজৰ ফৰ্ম বিচাৰি আছে হাৰ্দিকে (৭)। শেষত ভাৰতৰ ইনিংছ মাত্ৰ ১১৯ ৰানত স্তব্ধ হৈ পৰে।

কিন্তু বুমৰাহে প্ৰমাণ কৰিলে যে মেচ তেতিয়াও বাকী আছে। তেওঁ আৰম্ভণিৰে পৰা নিয়ন্ত্ৰিত বলিং কৰে। পাক বেটছমেনসকলে সুৰুঙা বিচাৰি নাপালে। সেই লেহেমীয়া বেটিংয়ে ডুবালে তেওঁলোকক। আগতীয়াকৈ উইকেট নপৰিল যদিও ৰাণো বৃদ্ধি পাইছিল।

ফটো সৌজন্যঃ বিচিচিআই।

কিন্তু ভাৰতীয় বলাৰসকলে সঠিক সময়ত আঘাত হানিলে। বুমৰাহ (১৪/৩),হাৰ্দিক বাহিনীয়ে বাবৰ, ফখৰ জামান, উছমানহঁতক পেভলিয়নলৈ ঘূৰাই পঠিয়ায়। কেৱল ৰিজৱানেহে কিছু প্ৰচেষ্টা চলাইছিল। তেওঁ হাৰ্দিকৰ বলি হয়।

অৱশেষত ভাৰতে মেচখনত ৬ ৰানত জয়লাভ কৰে। দেখুৱালে যে ‘এইদৰেও  প্ৰত্যাৱৰ্তন কৰিব পাৰি’। ক’ৰবাত হাতাশাত ম্ৰিয়মান হৈ পৰা সমৰ্থকসকলৰ মাজত বিশ্বাসৰ জুই জ্বলাই দিলে। এইবাৰ দেশলৈ আহিবনে বিশ্বকাপ? ভাৰতীয়সকলে সপোন দেখিবই পাৰে।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১১৯/১০ (ঋষভ ৪২, অক্ষৰ ২০, নচিম ২৩/২)

পাকিস্তানঃ ১১৩/৭ (ৰিজৱান ৩১, ৱাছিম ​​১৫, বুমৰাহ ১৪/৩)

ভাৰতে ৬ ৰাণত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd