NORTHEAST NOW (Assamese)
Popular Stories

ঈদ-উজ-জোহাৰ পূৰ্বে যোগী আদিত্যনাথ চৰকাৰৰ কাঢ়া নিৰ্দেশ; ৰাজপথত নামাজৰ বাবে বহিব নোৱাৰিব কোনো লোক,কোৰবানীৰ বাবেও বিশেষ বিধি

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া June 14, 2024 9:31 pm

ঈদ-উজ-জোহাৰ প্ৰাক্‌ক্ষণত যোগী আদিত্যনাথৰ বিশেষ নিৰ্দেশনা৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জাননী জাৰি কৰি কয় যে ঈদ-উজ-জোহাৰ দিনা ৰাস্তাত বহি কোনোৱে নামাজ আদায় কৰিব নোৱাৰিব। একে সময়তে কোৰবাণীৰ ক্ষেত্ৰত যোগীয়ে নতুন নিৰ্দেশনা দিছে। যাৰ ফলত বিশেষকৈ উত্তৰ প্ৰদেশৰ মুছলমান সমাজত হুলস্থুলৰ সৃষ্টি হৈছে।

উত্তৰ প্ৰদেশ চৰকাৰে জনাইছে যে ঈদ-উজ-জোহাৰ দিনা কোনো ব্যস্ত পথ অৱৰোধ কৰি নমাজ আগবঢ়াব নোৱাৰিব। পূৰ্বনিৰ্ধাৰিত স্থানত কোৰবানী দিব পাৰিব আৰু কোৰবানীৰ পাছত সেই ঠাই পৰিষ্কাৰ কৰিব লাগিব।

যোগীয়ে লগতে কয় যে কোনোবাই নিয়ম ভংগ কৰিলে অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।উল্লেখ্য যে, এসময়ত বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশত চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বহু লোক আচৰিত হৈছিল। কাৰণ, এইবাৰ ৰাজ্যখনৰ পৰা সমাজবাদী পাৰ্টিয়ে বিজেপিকৈ অধিক আসন লাভ কৰিছে।ফলাফলত অখিলেশ যাদৱৰ দলে ৩৭খন আসন আৰু বিজেপিয়ে ৩৩খন আসন লাভ কৰে।

উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল ফলাফলৰ বাবে যোগীৰ উগ্ৰ হিন্দুত্বক বহুতে সমালোচনা কৰে। বহুতৰ মতে ৰাজ্যখনত বেয়া ফলাফলৰ পাছত যোগী কঠোৰ স্থিতিৰ পৰা কিছু পিছুৱাই যাব। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ ঈদ-উজ-জোহা সন্দৰ্ভত কঠোৰ নিৰ্দেশনা চৰ্চালৈ অহাৰ লগে লগে পৰ্যবেক্ষকসকলে কয় যে পুৰণা যোগী হৈয়েই আছে যোগী আদিত্যনাথ।