NORTHEAST NOW (Assamese)
অসম

UGC NET 2024: অস্বচ্ছতাৰ অভিযোগ! নীট বিতৰ্কৰ মাজতে বাতিল ইউজিচি নেট; তদন্ত কৰিব CBIয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 7:51 am

নীটক লৈ চৰম বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ইউজিচি-নেট পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৮ জুনত পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পিছতে অর্থাৎ ১৯ জুনত বাতিল কৰা হ’ল পৰীক্ষা।

যোৱা ১৮ জুন মঙলবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ( NTA) ইউজিচি-নেট পৰীক্ষা অনুষ্ঠিত কৰে। এই পৰীক্ষাত ৯ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কিন্তু বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই পৰীক্ষা বাতিল কৰা বুলি অৱগত কৰে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰে এই পৰীক্ষা অ’এমআৰৰ চিটত অনুষ্ঠিত হয়। কিন্তু বুধবাৰে ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিছন বা ইউজিচিয়ে ভাৰতীয় চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰৰ নেশ্যনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিটৰ জৰিয়তে জানিব পাৰে যে এই পৰীক্ষাত কিছু অনিয়ম ঘটিছে। পৰীক্ষাৰ স্বচ্ছতা হেৰাই যোৱাৰ আশংকাত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই বিষয়টোৰ তদন্তৰ দায়িত্ব CBIক দিয়া হৈছে।

লগতে পঢ়কঃ ইটোৰ পিছত সিটোকৈ ৰে’ল দুৰ্ঘটনা : প্ৰতিশ্ৰুতিৰ ৭ বছৰৰ পাছতো কন্ট্ৰল ৰুমত স্থাপন নহ’ল আধুনিক প্ৰযুক্তি

এই পৰীক্ষা সদ্যহতে বাতিল কৰা হৈছে। আৰু যে পৰীক্ষা নহ’ব, তেনে নহয়। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কয় যে স্বচ্ছতা বজাই ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাটো তেওঁলোকৰ লক্ষ্য। গতিকে অহা কেইদিনমানৰ ভিতৰতে ঘোষণা কৰা হ’ব নতুন পৰীক্ষাৰ তাৰিখ।

অৱশ্যে পুনৰ কেতিয়া পৰীক্ষা অনুষ্ঠিত হ’ব সেয়া স্পষ্ট কৰা হোৱা নাই। এই সময়ছোৱাত চিবিআইয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে নীট ইউ জি ২০২৪ পৰীক্ষাত অনিয়ম আৰু ফলাফলত স্বচ্ছতা নথকাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ‘সময় অপচয়’ হোৱাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ১৫০০ৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বুলি দাবী কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে যিসকলক গ্ৰেচ নম্বৰ দিয়া হৈছিল, তেওঁলোকে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

এই বিষয়টোক লৈ কংগ্ৰেছৰ লগতে বিৰোধী শিবিৰসমূহে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কিয় এই সন্দর্ভত একো নকয়, এই প্রশ্নও উত্থাপন হৈছে৷ নীট ইছ্যুক লৈ কংগ্ৰেছ শিবিৰৰ আক্ৰমণো বৃদ্ধি পাইছে।

এই বিতৰ্ক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে লগতে কয় যে নীট-ইউজি ২০২৪ পৰীক্ষাত যদি ০.০০১ শতাংশ গাফিলতিও হয় তেন্তে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিবা ভুল হ’লে সেয়া স্বীকাৰ কৰা উচিত।