NORTHEAST NOW (Assamese)
Popular Stories

অজিত পাৱাৰৰ NCPৰ পৰা পদত্যাগ ৪ জ্যেষ্ঠ নেতাৰ; শাৰদ পাৱাৰ গোটত যোগদানৰ সম্ভাৱনা,চৰ্চাত ছগন ভূজবলৰো নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2024 11:41 am

অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিত বৃহৎ বিপৰ্যয়৷ দলটোৰ পিম্পৰী-চিঞ্চৱাদ ইউনিটৰ চাৰিজন নেতাই পদত্যাগ কৰিছে আৰু শীঘ্ৰে শাৰদ পাৱাৰ ফৈদত যোগদান কৰাৰ সম্ভাৱনা আছে। শেহতীয়া লোকসভা নিৰ্বাচনত এন চি পি(অজিত)ৰ বিপৰ্যয়জনক প্ৰদৰ্শনৰ পাছতে আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ কেইবামাহো আগত এই ঘটনা সংঘটিত হৈছে।

এন চি পিৰ পিম্পৰী-চিঞ্চৱাড ইউনিটৰ মুৰব্বী অজিত গাভাহানে, পিম্পৰী-চিঞ্চৱাডৰ ছাত্ৰ শাখাৰ মুৰব্বী যশ ছানে, আৰু প্ৰাক্তন কৰ্পৰেটৰ ৰাহুল ভোছালে আৰু পংকজ ভালেকাৰে অজিত পাৱাৰক পদত্যাগপত্ৰ দাখিল কৰিছে।

সূত্ৰই জনোৱা মতে, ভোছাৰী বিধানসভাৰ আসনৰ টিকট লাভৰ বাবে কৰা প্ৰচেষ্টা বিফল হোৱাৰ পাছতে অজিত গাভাহানে পদত্যাগ কৰে। বিগত দুটা কাৰ্যকালৰ বাবে ভোছাৰী সমষ্টিৰ পৰা বিজেপি বিধায়ক মহেশ লেণ্ডগে নিৰ্বাচিত হৈছে।

পিম্পৰী-চিঞ্চৱাড় দশক দশক ধৰি এন চি পিৰ দুৰ্গ হৈ আহিছে।

লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটে ৪৮খন আসনৰ ভিতৰত ৩০খন আসন জয় কৰি সকলোকে স্তম্ভিত কৰি তোলে। অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে মাত্ৰ এখন আসন ৰায়গড় লাভ কৰাৰ বিপৰীতে শাৰদ পাৱাৰ ফৈদে ৮খন আসন লাভ কৰে।

অজিত পাৱাৰ শিবিৰৰ একাংশ নেতাই শাৰদ পাৱাৰ শিবিৰলৈ ঘূৰি আহিবলৈ ইচ্ছুক বুলি চৰ্চা চলি থকাৰ সময়তে এই পদত্যাগ পত্ৰ প্ৰকাশ কৰিছে। চলিত মাহৰ আৰম্ভণিতে শাৰদ পাৱাৰে দাবী কৰিছিল যে বিচ্ছিন্ন এন চি পি ফৈদৰ একাংশ বিধায়কে তেওঁৰ দলৰ জ্যেষ্ঠ নেতা জয়ন্ত পাটিলক সাক্ষাৎ কৰিছিল।

মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ জ্যেষ্ঠ নেতা ছগন ভুজবালে অজিত পাৱাৰক পৰিত্যাগ কৰিব পাৰে বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। যোৱা মাহত মহা বিকাশ আঘাদীৰ অংশ শিৱসেনাৰ (ইউ বি টি)ৰ এগৰাকী জ্যেষ্ঠ নেতাই ভুজবলক সাক্ষাৎ কৰিছিল।

সূত্ৰই জনোৱা মতে, বাৰামাটি লোকসভা নিৰ্বাচনত সুপ্ৰিয়া চুলেৰ হাতত পৰাজয়ৰ পাছত অজিত পাৱাৰে পত্নী সুনেত্ৰাক ৰাজ্যসভালৈ মনোনীত কৰাত ভুজবাল ক্ষুব্ধ হৈ পৰিছিল।

অ’বিচিৰ প্ৰভাৱশালী নেতা ভুজবালে ৰাজ্যসভাৰ আসন আৰু পৰৱৰ্তী কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।