NORTHEAST NOW (Assamese)
Popular Stories

কেজৰিৱালে ইনচুলিন গ্ৰহণ কৰা নাই, কমকৈ খাইছে! দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ লেফটেনেণ্ট গৱৰ্ণৰ

July 20, 2024 5:04 pm

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সঁচাকৈয়ে অসুস্থ নেকি, নে কেৱল অভিনয় কৰিছে? দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই এই প্ৰশ্নটো উত্থাপন কৰে। কাৰণ তেওঁৰ মতে কেজৰিৱাল গুৰুতৰভাৱে অসুস্থ বুলি প্ৰমাণ কৰিব পৰাকৈ জেল কৰ্তৃপক্ষৰ প্ৰতিবেদনত একো নাই। বৰঞ্চ ইচ্ছাকৃতভাৱে কিছুমান কাম কৰি আছে বুলি দাবী কৰে।

আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ অসুস্থতাৰ কাৰণে কেইবাবাৰো জামিন বিচাৰিছিল। যদিও প্ৰথম অৱস্থাত পোৱা নাছিল যদিও কিছুদিন পূৰ্বে ইডি গোচৰত আদালতে তেওঁক জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে চিবিআইয়ে পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁ এতিয়াও জেলত আছে। সেই গ্ৰেপ্তাৰৰ বিৰুদ্ধে গোচৰটোত স্থগিতাদেশ দিয়া হৈছে। এনে পৰিস্থিতিত কেজৰিৱালৰ অধিবক্তা আৰু দল দুয়োটাই দাবী কৰে যে তেওঁ অতি অসুস্থ। আনকি তেওঁ ক’মাত পৰিব পাৰে বা টোপনিতে মৃত্যুবৰণ কৰিব পাৰে। কাৰাগাৰত তেওঁক উপযুক্ত ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে, কেজৰিৱালৰ স্বাস্থ্য সন্দৰ্ভত জেল কৰ্তৃপক্ষৰ প্ৰতিবেদন দেখি উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই দিল্লীৰ মুখ্য সচিবলৈ এখন পত্ৰ লিখিছে। তেওঁৰ স্পষ্ট বক্তব্যত কাৰাগাৰ অধীক্ষকে স্পষ্ট কৰি দিছে যে কেজৰিৱালে ইচ্ছাকৃতভাৱে কম কেলৰি খাইছে। ডাক্তৰে খাবলৈ কোৱাৰ দৰে তেওঁ খোৱা নাই। কেৱল সেয়াই নহয়, ৭ জুলাইত ৰাতিৰ আহাৰ খোৱাৰ আগতে ইনচুলিন ল’বও যোৱা নাছিল। এই কাৰণেই তেওঁৰ ওজন কমিছে আৰু শৰীৰৰ অৱনতি ঘটিছে বুলি দাবী কৰা হৈছে।

লেফটেনেণ্ট গৱৰ্ণৰৰ স্পষ্ট কথা, যদি কোনোবাই প্ৰতিদিনে এনেদৰে নিয়ম অমান্য কৰি থাকে তেন্তে তেওঁৰ শৰীৰৰ অৱনতি ঘটাটো নিশ্চিত। অৱশ্যে আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে এই বিষয়ত কয়- “মই জানিছিলোঁ যে লেফটেনেণ্ট গৱৰ্ণৰজনে আগতে এটা কাৰখানাত কাম কৰিছিল। তেওঁ ডাক্তৰ বুলি জনা নাছিলো। আচলতে তেওঁ ভোটত নিৰ্বাচিত নহয়, গতিকে তেওঁৰ নিৰ্বাচনী শপতনামাত দেখা পোৱা নাই।”