NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ কন্ঠশিল্পী ৰাহত ফাতেহ আলী খান

July 22, 2024 8:25 pm

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ হৈছে প্ৰখ্যাত পাকিস্তানী কন্ঠশিল্পী ৰাহত ফাতেহ আলী খান। খানৰ প্ৰাক্তন মেনেজাৰ ছলমান আহমেদে কেইবাটাও অভিযোগ দাখিল কৰাৰ পিছতে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কন্ঠশিল্পী গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা কিছুদিন ধৰি সমগ্ৰ সংযুক্ত আৰব আমিৰশ্বাহীত বিভিন্ন সাংগীতিক অনুষ্ঠানত কণ্ঠদান কৰি অহা গায়কজনক গ্ৰেপ্তাৰ কৰি বুৰ্জ ডুবাই আৰক্ষী থানালৈ লৈ যোৱা হয়।

উল্লেখ্য যে খান আৰু প্ৰাক্তন মেনেজাৰৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। ফলস্বৰূপে খানে কেইমাহমানৰ আগতে মেনেজাৰ জনক পদৰ পৰা অপসাৰণ কৰে। তাৰ পিছত মেনেজাৰ ছলমান আহমেদে ডুবাইত ৰাহাত ফাতেহ আলী খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে, যাৰ ফলত গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।