NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বাজেট ২০২৪ : অসমৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে ১০০০ কোটি টকা আবন্টৰ দিলে কেন্দ্ৰই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 23, 2024 8:00 pm

কেন্দ্ৰীয় বাজেট, ২০২৪ ত অসমৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে ১০০০ কোটি টকা আবন্টন দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰত্সাহন যোজনাৰ ৰূপায়ণৰ বাবে এই টকা আবন্টন দিছে কেন্দ্ৰীয় চৰকাৰে।

এই ধন আবন্টন দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয়, ‘২০২৪ৰ কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰত্সাহন যোজনা ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পাৰি আনন্দিত হৈছোঁ। ই অসমৰ চাহ জনগোষ্ঠীয় সমাজৰ বাবে এক কল্যাণমূলক সুযোগ।”

তেওঁ লগতে কয়, ‘অসমৰ চাহ উদ্যোগৰ মেৰুদণ্ড গঠন কৰা আমাৰ ভাই-ভনীসকলক যথেষ্ট উপকৃত কৰিব পৰা এই অনন্য আঁচনিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰলৈ মোৰ কৃতজ্ঞতা।’

প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰত্সাহন যোজনাৰ লক্ষ্য হৈছে অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন ধাৰণৰ মান উন্নীত কৰা।

এই পদক্ষেপে অসমত চাহ উদ্যোগৰ সফলতাৰ অবিচ্ছেদ্য অংগ সহস্ৰাধিক শ্ৰমিকৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

কিন্তু লক্ষনীয় কথাটো হ’ল যে এই আঁচনিখন ২০২১ চনতো মুকলি কৰা হৈছিল যদিও আজিলৈকে এই আঁচনিখন কাৰ্যকৰী হোৱা নাই বুলি মন্তব্য কৰিছে লোকসভাৰ বিৰোধী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।