NORTHEAST NOW (Assamese)
Popular Stories

দক্ষিণ শালমৰা জিলা বিজেপিত খহনীয়া; আপত যোগদান বিজেপিত্যাগী কৰ্মকৰ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 26, 2024 7:42 pm

দক্ষিণ শালমাৰা জিলা বিজেপিত খহনীয়াৰ সৃষ্টি কৰি আজি আম আদমী পাৰ্টিত যোগদান কৰিলে বিজেপিৰ একাংশ কৰ্মকৰ্তাই ।

গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজিত এক যোগদান কাৰ্যসূচীত দলত যোগদান কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ পৰা পদত্যাগ কৰা নাছিৰ উদ্দিন, হাছেম আলী, হাছিবুৰ ৰহমান, শ্বাজিদুৰ ইছলাম আৰু ছোহেল আলম মোল্লাই।

আম আদমী পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে বিজেপি এৰি আপৰ সদস্যপদ গ্ৰহণ কৰে। আপৰ সংখ্যালঘু বিভাগৰ নেতা এডভোকেট আৰিফ শিকদাৰৰ নেতৃত্বত যোগদান কৰা আটাইকেইজনকে ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে দললৈ আদৰণি জনায়।